মহিলা আৰক্ষী বিষয়াক (Women Police Officer) প্ৰলোভন দি ৰঙাঘৰৰ আলহী হ’ল ভুৱা ONGC বিষয়া (Fraud Ongc Officer)। নগাঁও সদৰ থানাৰ মহিলা (Nagaon Sadar Station) উপঃপৰিদৰ্শক জোনমণি ৰাভাক প্ৰলোভন দি ৰঙাঘৰত সোমোৱা প্ৰৱঞ্চকটোৰ নাম ৰাণা পাগাগ ৷ ONGC বিষয়া বুলি কৈ প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰক্ষী বিষয়াগৰাকীক।
কেইবাদিনো এই সম্পৰ্ক চলি থকাৰ পিছতে ভুৱা ONGC বিষয়াজনে আৰক্ষী বিষয়া জোনমণি ৰাভাক দিলে বিয়াৰ প্ৰস্তাৱ। দুয়োৰে সম্পন্ন হ’ল আঙঠি পিন্ধোৱা কিন্তু তাৰ পিছতে লাগিল কেনা। উপঃপৰিদৰ্শক জোনমণি ৰাভাই উদঙালে প্ৰেমিকাৰ আচল ৰূপ। দীৰ্ঘদিনে এই ভুৱা বিষয়াগৰাকীয়ে চল-চাতুৰিৰে লুটি আহিছিল বহু লোকক। কিন্তু এইবাৰ পাল পৰিল আৰক্ষীৰ লগত। যিয়ে প্ৰৱঞ্চক ৰাণা পাগাগক পঠিয়ালে ৰঙা ঘৰ।
মহিলা আৰক্ষী বিষয়াগৰাকীৰ এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে (Nagaon Police) 527/22 গোচৰৰ অধীনত প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ (Arrest) কৰে ৷ ইফালে প্ৰৱঞ্চক ৰাণা পাগাগৰ পৰা নগাঁও আৰক্ষীয়ে ভুৱা ONGCৰ পৰিচয় পত্ৰ, দুটা লেপটপ, ১৩টাকৈ চিল-মোহৰ, ৯ খনকৈ পাচবুক-চেকবুক, ২টা মোবাইল, ১টা পেনড্ৰাইভসহ ২ টাকৈ ৱাকিট’কি জব্দ কৰে ৷
সাংবাদিকৰ সন্মুখত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে ক’লে সমগ্ৰ ঘটনা-
Photo & Input: ৱাহিদুদ জামান
Discussion about this post