শুকুৰবাৰে বিলাসীপাৰা বেলতলী চাৰিআলিত বোৱাৰী প্ৰেমে এক কাল ৰূপ ধাৰণ কৰিলে। জানিবলৈ দিয়া অনুসৰি বিলাসীপাৰা মহকুমাৰ উদমাৰী গাঁও পঞ্চায়তৰ বাৰ্ষী ২য় খণ্ডৰ গাঁৱৰ মোবাৰক আলী আৰু বেলতলীৰ আন্দুৰঝাৰ গাঁৱৰ ময়দান আলীৰ মাজত এক তুমুল সংঘৰ্ষই এক উত্তেজনাৰ সৃষ্টি কৰে বেলতলী অঞ্চলত।
ঘটনাৰ বিৱৰণী মতে বিগত কিছুদিন পূৰ্বে বাৰ্ষীৰ মোবাৰক আলীৰ ঘৈণীয়েক দুই সন্তানৰ মাতৃৰ লগত ময়দান আলীৰ এক অবৈধ প্ৰেম গঢ়ি উঠিছিল, ফলস্বৰূপে এমাহ মান পূৰ্বে দুয়ো বিবাহপাশত আৱদ্ধ হয়, এই সংক্ৰান্তত মোবাৰক আলীয়ে বিলাসীপাৰা আৰক্ষী থানাত এমাহ পূৰ্বে এটা গোচৰ ৰুজু কৰিছিল।
তাৰ পৰিণতিতে আজি বেলতলী চাৰিআলিত দিনৰ ২ বজাত চোকা অস্ত্ৰৰে দুয়োৰে মাজত হতাহতি হোৱাত বৰ্তমান মোবাৰক আলীক বিলাসীপাৰা সহকাৰী স্বাস্থ্য কেন্দ্ৰত আৰু ময়দান আলীক উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
Photo & Input: আতোৱাৰ ৰহমান
Discussion about this post