তালিবানৰ সমৰ্থনত ফেচবুকত পোষ্ট দি বাক্সাৰ কালপানীৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ এজন যুৱক। গ্ৰেপ্তাৰ ৰফিকুল ইছলাম নামৰ এজন লোক। এখন ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতা কৰে ৰফিকুল ইছলামে ৷ সম্প্ৰতি শালবাৰীৰ গোৱৰ্ধনা থানাত সোধা-পোছা অব্যাহত ৰফিকুল ইছলামক ৷
গোৱৰ্ধনা থানাত 168/21 নম্বৰত গোচৰ ৰুজু কৰি 66 it actৰ অধীনত 120B/153A/A1A/153B(1A/1C)/298/505(1B/1C)/505(2)/39(1B) ধাৰাত গ্ৰেপ্তাৰ ৰফিকুলক ৷
উল্লেখ্য, তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত বিভিন্ন পোষ্ট দি আহিছিল ধৃত ৰফিকুল ইছলামে।
Photo: জাহিৰুল ইছলাম
Discussion about this post