খাকী পোছকত লগালে ক’লা দাগ! এজন ব্লেকমেইলাৰ আৰক্ষী এতিয়া আৰক্ষীৰেই আলহী হ’ল। খাৰুপেটীয়া থানাৰ (Kharupetia Police Station) ভাৰাপ্রাপ্ত আৰক্ষী বিষয়া (OC Utpal Bora Arrest) উৎপল বৰাক গ্ৰেপ্তাৰ। ভুৱা গোচৰ জাপি দি সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ লগতে বহু দিনৰ পৰা বহু লোকৰ পৰা ধন দাবী (Money Demand) কৰি আহিছিল বিষয়াগৰাকীয়ে।
দৰঙৰ (Darrang) ধূলা থানাৰ (Dhula Thana) ভাৰপ্ৰাপ্ত বিষয়া হৈ থাকোতে এগৰাকী চিকিৎসক আৰু শিক্ষকক JJM আঁচনিৰ পাইপ চুৰি কৰা ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ লগতে ৫ লাখ টকা দাবী কৰিছিল প্ৰায় এমাহ আগতে বিষয়াগৰাকীয়ে (5 Lakh Demand As A Bribe)।
চিকিৎসক আৰু শিক্ষকগৰাকীয়ে উচ্চ আৰক্ষী বিষয়াক সকলো কথা অৱগত কৰাত অসম আৰক্ষীয়ে গোপনে তদন্ত আৰম্ভ কৰিছিল উৎপল বৰাৰ (OC Utpal Bora) বিৰুদ্ধে। উৎপল বৰাৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ লাভ কৰাত দৰং আৰক্ষীয়ে (Darrang Police) আটক কৰে বিষয়াগৰাকীক। ইতিমধ্যে মঙলদৈ থানাত (Mangaldoi Police) সোধা-পোছা অব্যাহত ৰাখিছে বৰাক।
148 /22 ধাৰা অধীনত গ্ৰেপ্তাৰ কৰে OC উৎপল বৰাক। মাটিৰ দালালৰ লগত হলি গলি, লগতে দুবাৰকৈ বিদেশ ভ্ৰমণ, বিলাসী গাড়ী আৰু অগাধ সম্পত্তিৰ গৰাকী বুলি অভিযোগ কৰিছে একাংশ লোকে। ইতিমধ্যে অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অসম আৰক্ষীৰ (Assam Police) এগৰাকী শীৰ্ষ বিষয়াৰ এনে কু-কৰ্মই সকলোকে স্তম্ভিত কৰি তুলিছে।
Photo & Input: Bhabesh Kalita
Published By: Dulu Medhi
Discussion about this post