মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংকল্প লৈছে দুৰ্নীতি মুক্ত অসম গঢ়াৰ কিন্তু এচাম দুৰ্নীতি বিষয়া তথা চৰকাৰী বিষয়াই বৰ্তমানেও দুৰ্নীতিত নামি পৰিছে। নাজিৰাৰ (Nazira) প্ৰাথমিক শিক্ষাখণ্ডৰ সহ পৰিদৰ্শক নবুল ইছলামে নাজিৰা গেলেকী সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ পৰা ১৫০০০ হাজাৰ উৎকোচ (Bribe) লোৱাৰ সময়তে আটক (Detain) কৰে আজি দুৰ্নীতি নিবাৰক শাখাই (ANTI CORRUPTION)।
নাজিৰাৰ গেলেকী সোণাপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিজুমণি বৰুৱা ১৭ নৱেম্বৰত উপস্থিত নাছিল বিদ্যালয়। সেইদিনা ৰিজুমণি বৰুৱা গৈছিল চিকিৎসালয়লৈ। ৰিজুমণি বৰুৱা বিদ্যালয়ত উপস্থিত নথকাৰ সুযোগ লৈয়ে নাজিৰাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ সহ পৰিদৰ্শক নবুল ইছলামে ৰিজুমণি বৰুৱাক চাকৰি পৰা নিলম্বিত কৰাৰ কথা কোৱাৰ লগতে ১৫০০০ টকা ঘোচ বিচাৰে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৰিজুমণি বৰুৱাৰ স্বামী দুলেশ্বৰ শইকীয়াই।
এই ঘটনাৰ পম খেদিয়েই আজি দুৰ্নীতি নিবাৰক শাখাই ১৫০০০হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰে নবুল ইছলামক। দুৰ্নীতি নিবাৰক শাখাই নবুল ইছলামৰ বাসগৃহত জেৰা চলাই বিভিন্ন সা-সামগ্ৰী জব্দ কৰাৰ লগতে নবুল ইছলামকো ইতিমধ্যে আটক কৰে।
ইতিমধ্যেই সমগ্ৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষী উচ্চ শীৰ্ষ বিষয়া জি পি সিঙেও টুইট কৰিছে।
Photo & Input: দীপক ছেত্ৰী
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/high-heels-were-made-for-men-not-for-women/5026/
Discussion about this post