আনন্দ মিশ্ৰ (Anand Mishra) অবিহনে পুনৰ ড্ৰাগছৰ ঘাটিলৈ পৰ্যবসিত হ’ব নেকি নগাঁও (Nagaon)। অপৰাধীৰ ৰম্যভূমিত পৰিণত হ’ব নেকি সমগ্ৰ নগাঁও জিলা। নগাঁও জিলাৰ কত নাপায় ড্ৰাগছ? নগাঁৱৰ অলিয়ে-গলিয়ে বিক্ৰী হৈছিল নিষিদ্ধ ড্ৰাগছ। নগাঁৱত ড্ৰাগছৰ এনে অবাধ প্ৰচলনে শশ যুৱক-যুৱতীক ঠেলি দিছে অন্ধকাৰৰ দিশলৈ।
প্ৰায়ে মহিলা শিশুৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰীও ড্ৰাগছৰ লগত জড়িত হোৱা দেখা গৈছিল নগাঁৱত। এনেদৰে সাংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নগাঁৱক কালিমা সানিছিল ড্ৰাগছ ব্যৱসায়ীয়ে। বিশেষকৈ নগাঁৱৰ হয়বৰগাঁও, বৰভেটি, নগাঁও ষ্টেচন, ধিংগেট, চলচলি, মৰিকলং, ফাঁচিৰোড, মধুপুৰ, শিয়ালমাৰি, বেঙেনাআটি আদি অঞ্চলসমূহ পৰিণত হৈছিল ড্ৰাগছৰ ঘাটিলৈ।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে IPS আনন্দ মিশ্ৰই (Anand Mishra) যোগদান কৰাৰ পৰা বিগত ৬ মাহত ৮০ শতাংশ ড্ৰাগছ মুক্ত হৈছিল। হ্ৰাস হৈছিল চিলনী চোৰ, বাইক চোৰৰ লগতে নানান অপৰাধজনিত ঘটনাৰ।
শেষতীয়াকৈ নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাক নগাঁও আৰক্ষীয়ে গুলিচালনা (Nagaon Encounter Case) কৰা ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাজপথত আৰম্ভ হৈছিল তীব্ৰ প্ৰতিবাদ। ইয়াৰ পাছতে চৰকাৰে এজনীয়া তদন্ত কমিটি গঠন কৰি সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। সেই নিদৰ্শ মৰ্মে তদন্তকাৰী বিষয়া তথা অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে চৰকাৰক তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতে অভিযুক্ত আৰক্ষী যোৱান প্ৰদীপ বনিয়াক নিলম্বন কৰিছিল বিভাগে। এই ঘটনাত বাচি নগল নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীও।
বুধবাৰে ৰাজ্যিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নিৰ্দেশ মৰ্মে নগাঁৱৰ পৰা বদলি কৰা হয় IPS আনন্দ মিশ্ৰক। বৰ্তমান নগাঁৱত আনন্দ মিশ্ৰ অবিহনে পুনৰ সমগ্ৰ নগাঁও জিলাখন ড্ৰাগছৰ ঘটিলৈ পৰ্যবসিত হ’ব নেকি? পুনৰ অপৰাধীৰ ৰম্যভূমিত পৰিণত হ’ব নেকি নগাঁও? এই লৈ নগাঁও সচেতন মহল সম্প্ৰতি চিন্তিত হৈ পৰিছে।
ইফালে আনন্দ মিশ্ৰই (Anand Mishra) নগাঁৱৰ পৰা বিদায় লোৱাৰ সময়ত কয় যে-‘‘সকলো ভালে থাকক, Bye Bye নগাঁও Thank you নগাঁও’’। আজি পুৱা নগাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱাৰ সময়ত নগাঁৱৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নগাঁওবাসীৰ মংগল কামনা কৰি শেষ বিদায় ল’লে জনপ্ৰিয় আৰক্ষী বিষয়াগৰাকীয়ে। অহাৰ সময়ত নগাঁওবাসীক বহুত মিছ কৰিম বুলিও ক’লে আনন্দ মিশ্ৰই।
এক প্ৰকাৰে নগাঁৱত আনন্দ মিশ্ৰ (Anand Mishra) হৈ পৰিছিল ড্ৰাগছ মাফিয়াৰ বাবে সন্ত্ৰাসৰ কাৰণ…..
১) নগাঁৱ DTO অফিচত চলা দালালৰাজ বন্ধ কৰিবলৈ সক্ষম হৈছিল….যিটো কাহানিও নগাঁৱবাসীয়ে ভবা নাছিল।
২) আনকি নগাঁৱ কোষাগাৰতো ঘোচখোৰ বিষয়াক হাতে-লোটে ধৰিবলৈ সক্ষম হৈছিল।
৩) সেইটো বাদেই দিয়ক কেইটামান ড্ৰাগছ্ খোৱা যুৱকে আনন্দ মিশ্ৰই গুলিয়াব বুলি ড্ৰাগছ খোৱাই এৰি দিছিল।
৪) যিকোনো সাধাৰণ মানুহে নগাঁৱত পোনপটীয়াকৈ আনন্দ মিশ্ৰক অভিযোগ দিয়াৰ সুবিধা লাভ কৰিছিল…আৰু সেই অভিযোগৰ ভিত্তিত আনন্দ মিশ্ৰই অভিযানো চলাইছিল।
৫) নগাঁৱবাসীয়ে চিনি পোৱা বহু মোষ্ট ৱাণ্টেড অপৰাধীক আনন্দ মিশ্ৰই ৰঙাঘৰৰ আলহী কৰিলে…যিটো নগাঁৱবাসীয়ে কেতিয়াও ভবা নাছিল। থানাসমূহৰ দালাল ৰাজ বন্ধ কৰিবলৈ সক্ষম হৈছিল।
আনন্দ মিশ্ৰক (Anand Mishra) বদলি কৰাৰ পিছতে এগৰাকী নগাঁৱৰ বাসিন্দাৰ প্ৰতিক্ৰিয়া প্ৰকাশ- ‘আনন্দ মিশ্ৰ আতংক আছিল; কিন্তু সেই আতংক সাধাৰণ ৰাইজৰ বাবে নহয়, সেই আতংক আছিল চোৰ-ডকাইতৰ বাবে। যিবিলাকে ATM ভাঙি টকা লুটি লৈ যায়, যিবিলাকে মহিলা-যুৱতীৰ চেইন চুৰি কৰি লৈ যায়, বেংকৰ পৰা টকা উলিয়াই অনা মানুহৰ টকা লুট কৰে, যিবিলাক ড্ৰাগছ্ মাফিয়া, যিবিলাক ভূমি মাফিয়া, যিবিলাক ঘোচখোৰ, সেইবিলাকৰ কাৰণে আছিল IPS আনন্দ মিশ্ৰা আছিল আতংক। লগতে ক’লে-
Photo & Input: Wahidud Jaman
Discussion about this post