৬ নৱেম্বৰতে নগাঁও আৰক্ষী (Nagaon Police) অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra) বাহিনীয়ে অভিযান চলাই এক বৃহৎ মোবাইল চুৰি (Mobile Thief) চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছিল। নগাঁও চহৰৰ হয়বৰগাঁও অৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চহৰ খনৰ হয়বৰগাঁও হাইস্কুলৰ সমীপৰ এটা ভাড়া ঘৰত অভিযান চলাই ১৩৪টা চুৰি স্মাৰ্ট মোবাইল উদ্ধাৰ কৰাৰ লগতে বহিঃৰাজ্য ঝাৰখণ্ডৰ পৰা আহি নগাঁৱত বাহৰ পাতি থকা দুই মবাইল চোৰৰ গেং লিডাৰ দুটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। ধৃত কুখ্যাত চোৰ দুটা হ’ল ৰাজকুমাৰ ননিয়া আৰু চনু কুমাৰ ননিয়া।


দুয়োয়ে বৃহৎ পৰিমাণৰ এই চুৰি মোবাইলসমুহ পেকিং কৰি ডিমাপুৰলৈ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি থকাৰ সময়তে নগাঁও আৰক্ষীয়ে এই মোবাইলসহ যুৱক দুজনক গ্ৰেপ্তাৰ (Arrest) কৰিছিল।
এতিয়া নগাঁও আৰক্ষীয়ে (Nagaon Police) উদ্ধাৰ কৰা মোবাইল কেইটাৰ এখন তালিকা প্ৰকাশ কৰিছে। য’ত এই উদ্ধাৰ হোৱা ১৩৪টা মোবাইলৰ মডেল আৰু IMEI Nos. উল্লেখ কৰিছে। আপুনিও যদি মোবাইল চুৰি চক্ৰৰ কবলত পৰিছিল তেন্তে তালিকা চাওক আৰু লৈ যাওক আপোনাৰ হেৰুওৱা মোবাইলটো।
Photo: Nagaon Police




























Discussion about this post