মহালয়াৰ আনন্দৰ মাজতেই নগাঁৱত (Nagaon) নিশা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Murder Case) ঘটনা। নিজ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে হত্যা কৰিলে মালিকৰ পত্নীক (Wife Killed By Worker)। ঘৰত কোনো নথকাৰ সুযোগ লৈ কৰ্মচাৰীজনে চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে ৰুমি দত্ত নামৰ মহিলাগৰাকীক। তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত নিজ ঘৰৰ ভিতৰতে উদ্ধাৰ হয় মহিলা গৰাকীৰ মৃতদেহ (Women Deadbody Recover)। এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হৈছে নগাঁও চহৰৰ হৰিজন কলনিত।
ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে স্থানীয় একাংশ লোকে দেখা পাই আৰক্ষীক খবৰ দিয়ে। লগে লগে নগাঁও আৰক্ষীৰ (Nagaon Police) উচ্চ পদস্থ বিষয়াৰ লগতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি তদন্ত আৰম্ভ কৰে। সেই তদন্তৰ ফল স্বৰূপে নিশাই নগাঁও আৰক্ষীয়ে চহৰ খনৰ ফৌজদাৰীপট্টিৰ ভাড়াঘৰৰ পৰা ৰুমি দত্তৰ হত্যাকাৰী সুব্ৰত মজুমদাৰক গ্ৰেপ্তাৰ (Murderer Arrest) কৰিবলৈ সক্ষম হয়।
হত্যাকাৰীজনৰ ঘৰ লংকাৰ সুভাষ নগৰত বুলি জানিব পৰা গৈছে। সুব্ৰত ৰুমি দত্তৰ স্বামী ৰাজদ্বীপ দত্তৰ মালিকানাধীন নগাঁও চহৰস্থিত ৰাজ মেডিকেলত ৪ বছৰে কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। দোকানখনৰ পৰা ধন চুৰি কৰাৰ অপৰাধত বৰ্খাস্ত হৈছিল সুব্ৰত। ইয়াৰ প্ৰতিশোধ লবলৈ দেওবাৰে হত্যা কৰিলে পত্নী ৰুমি দত্তক।
ইফালে স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি হত্যাকাৰী সুব্ৰতই হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে স্থানীয় বাসিন্দা হিচাপে সেই স্থানতে উপস্থিত আছিল আৰু মহিলাগৰাকীৰ মৃত্য়ুত দুখ প্ৰকাশ কৰিছিল। ঘটনাস্থলীত নিশাই নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও (Nagaon Mla Rupak Sarma) উপস্থিত হয় পৰিস্থিতিৰ বুজ লয়।
উল্লেখ্য যে, মহিলাগৰাকীৰ ১১ বছৰীয়া এটি পুত্ৰ সন্তান আছে। এই ঘটনাৰ পিছতে জোকাৰি গৈছে সমগ্ৰ নগাঁও ৷
Photo & Input: ৱাহিদুদ জামান
আৰু পঢ়কঃ https://khatangkhobor.com/news/ips-anand-mishra-leaving-assam-for-personal-reason/11955/
Discussion about this post