‘মোক ভুল এনকাউণ্টাৰ কৰা হৈছিল; সত্যৰ সদায় জয়, মই ন্যায় লাভ কৰিছো’। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু পৱন বৰঠাকুৰক ধন্যবাদ জনাইছো।’’– এই কথা ক’লে নগাঁও এনকাউণ্টাৰৰ (Nagaon Encounter) ভুক্তভোগী কীৰ্তি কমল বৰাই (Kirti Kamal Bora)।
ইফালে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (SP Anand Mishra) গঠন কৰা এণ্টি নাৰ্ক’টিক স্কোৱাড ভংগৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক (DGP) এই নিৰ্দেশনা প্ৰদান কৰে। কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্ত কমিটীৰ প্ৰতিবেদন দাখিলৰ পিছতে এই নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পৰা এটা কথাই স্পষ্ট হয় যে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰত নগাঁও আৰক্ষীৰ (Nagaon Police) ভুল আছিল।
মুখ্যমন্ত্ৰীয়ে এণ্টি নাৰ্ক’টিক স্কোৱাড (Anti-Narcotic Squad) ভংগৰ নিৰ্দেশ দিয়াৰ লগতে ঘটনাৰ মূল অভিযুক্ত আৰক্ষী বিষয়া, সশস্ত্র শাখাৰ উপ-পৰিদৰ্শক প্রদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে নগাঁৱৰ আৰক্ষী অধীক্ষক আৰু সশস্ত্ৰ শাখাৰ উপ-পৰিদৰ্শক প্রদীপ বণিয়াৰ বাহিৰে এণ্টি নাৰ্ক’টিক স্কোৱাডৰ সকলো সদস্যক তাৎক্ষণিকভাৱে নগাঁও জিলাৰ বাহিৰলৈ বদলি কৰিবলৈ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা নির্দেশত কোৱা হৈছে।
ভুক্তভোগী কীৰ্তি কমল বৰাৰ ভাষ্য-
উল্লেখ্য ২২ জানুৱাৰীৰ নিশা কীৰ্তিকমল বৰাই (Kirti Kamal Bora) ৰুগীয়া মাতৃৰ দৰৱ মাৰিবলৈ যোৱাৰ পথতে নগাঁও আৰক্ষীৰ এটা দলৰ লগত কিবা কথাত তৰ্ক-বিতৰ্ক হয়। ইয়াৰ পাছতে আৰক্ষীয়ে কীৰ্তিকমল বৰাক ভৰিত গুলী কৰে। এই গুলিচালনাৰ ঘটনা সংঘটিত হয় নগাঁও চহৰৰ কচলুখোৱাৰ ৰাস ফিল্ডৰ সমীপত। গুলীবিদ্ধ কীৰ্তিকমলক লগে লগে ভৰ্তি কৰা হয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত।
গুলিবিদ্ধ কীৰ্তিকমলে সংবাদ মাধ্যমক জনোৱা মতে নগাঁও আৰক্ষীৰ (Nagaon Police) এটা দলে পথত এজন লোকক দুৰ্ব্যৱহাৰ কৰি থকাৰ সময়ত তেওঁ প্ৰতিবাদ কৰাৰ বাবেই আৰক্ষীৰ দলটোৰ লগত প্ৰথমে তৰ্ক বিতৰ্ক হয় আৰু লগে লগে আৰক্ষীয়ে তেওঁক ভৰীত গুলী কৰে।
কচলুখোৱা তিনিআলিত ঘোৱা ২২ জানুৱাৰীত হোৱা আৰক্ষীৰ গুলীচালনাৰ ঘটনাৰ সম্পৰ্কত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত তদন্ত কমিটী গঠন কৰিছিল ৰাজ্য চৰকাৰে। এই তদন্ত কমিটীয়ে দাখিল কৰা প্রতিবেদনৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানলৈ এই গুলীচালনাৰ ঘটনা সন্দৰ্ভত এলানি ব্যৱস্থা গ্রহণৰ বাবে নির্দেশ জাৰি কৰিছে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/road-accident-at-forkating-one-youth-died-in-assam/6634/
Discussion about this post