১৩ অক্টোবৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল। হাজোৰ হাহদিয়াৰ জীয়ৰী কংকনা মজুমদাৰৰ মৃতদেহ ডিমাহাছাওৰ হাতীখালীত ৰে’লৱে কোৱাৰ্টাৰত ৰহস্যজনকভাবে উদ্ধাৰ হৈছিল। কংকনাৰ পৰিয়ালে সন্দেহ কৰিছিল যে কংকনাক হত্যা কৰি ওলোমাই থৈছিল হত্যাকাৰীয়ে। এই ঘটনাৰ পিছতে হাজোৰ (Hajo) হাঁহদিয়াত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছিল।
কংকনা-
হাজোৰ অভয়পুৰৰ স্বামীৰ পৰিয়ালে কংকনাক মানসিক নিৰ্যাতন চলোৱাই নহয়, কেইদিনমান পূৰ্বে স্বামী দ্বীপেন দাসে বিলাসী গাড়ী আৰু ৫ লাখ টকা যৌতুক দাবী কৰাৰ অভিযোগ কৰিছে কংকনাৰ পৰিয়ালৰ লোকে। কংকনাৰ মৃত্যুৰ তদন্তৰ দাবী তুলি হাতীখালী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।
ইফালে আৰক্ষীৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে আজি হাজো আৰক্ষী থানাত (Hajo Police) মহিলাসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তিনি শতাধিক মহিলাই ঘেৰাও কৰিলে হাজো আৰক্ষী থানা। সাতমাহ পূৰ্বে হাজোৰ অভয়পুৰ দ্বীপেন দাসে ৰামদিয়া উজানকুৰী হাঁহদিয়াৰ কংকনা মজুমদাৰৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল কংকনা।
প্ৰতিবাদী মহিলা-
ৰহস্যজনকভাৱে কংকনাৰ মৃতদেহ উদ্ধাৰ হোৱাত স্বামী দ্বীপেন দাসক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত মহিলাসকলে হাজো আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনহে ওলাব এয়া হত্যা নে আত্মহত্যা?
Photo & Input: বিকি মেধি
Discussion about this post