ৰঙিয়াৰ (Rangia) তিনিআলিত সন্দেহজনকভাৱে চিপ লোৱা (Suicide) অৱস্থাত উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ (Death)। বোৱাৰীগৰাকী হৈছে ২১ বছৰীয়া ধৰিত্ৰী ডেকা। প্ৰাপ্ত তথ্য অনুসৰি শুক্ৰবাৰে নিশা মৃত ধৰিত্ৰীৰ নিজৰ স্বামী ৰিদীপ কলিতাৰ লগতে পৰিয়ালৰ লোকৰ সৈতে বাক-বিতণ্ডা হৈছিল।
ইয়াৰ পিছত নিশাই ধৰিত্ৰীৰ শাহুৱে ধৰিত্ৰীৰ মাতৃৰ পৰিয়াল বৰ্গৰ সৈতে ফোনত কথা পাতে। বাৰ্তালাপৰ সময়ছোৱাত ধৰিত্ৰীৰ শাহুৱে যথেষ্ট উচ্চ বাচ্ছ্য কৰাৰ লগতে বোৱাৰীক মাৰিম বুলিও ধমকি দিছিল।
ইয়াৰ কিছুসময় পিছতেই ধৰিত্ৰীৰ শহুৰৰ পৰিয়ালে ধৰিত্ৰীৰ মাতৃগৃহত খবৰ দিয়ে যে ধৰিত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰিছে। সম্পূৰ্ণ ঘটনা যথেষ্ট সন্দেহৰ আৱৰ্তত থকাৰ বিপৰীতে মৃত ধৰিত্ৰীৰ মাতৃগৃহৰ পৰিয়াল বৰ্গ ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে।
এগৰাকী ৪ মহীয়া কন্যা সন্তানৰ মাতৃ গৰাকীয়ে এনেদৰে আত্মহত্যা (Suicide) কৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি।
ধৰিত্ৰীৰ পৰিয়ালে অভিযোগ কৰি কয় যে এইটো হত্যাকাণ্ড কিয়নো ৪ মহীয়া সন্তান এটা এৰি এগৰাকী মাকে কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে। এতিয়া পৰিয়ালৰ লোকে ঘটনাৰ উচিত তদন্ত হোৱাতো বিচাৰিছে।
ইতিমধ্যে পৰিয়ালে ৰঙিয়া আৰক্ষী থানাত (Rangia Police) এটা গোচৰ তৰিছে। আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
Photo & Input: চফিকুল আহমেদ
Discussion about this post