নগাঁও জিলাৰ (Nagaon District) বৰকʼলাত (Borkala) বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা (Horrific Murder Case)। পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি পিতৃয়ে হত্যা কৰিলে পুত্ৰক (Son Killed By Father)। পিতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল পুত্ৰৰ ৷
দীৰ্ঘদিন ধৰি সুৰাপান কৰি পৰিয়ালটোক প্ৰায়ে অত্যাচাৰ কৰি আহিছিল নিহত পুত্ৰই। আনকি সুৰাপায়ী পুত্ৰৰ অত্যাচাৰত (Drunk Adict Son Harrasment To Family) ওচৰ–চুবুৰীয়া লোকো অতিষ্ঠ হৈ পৰা বুলি হত্যাকাৰী পিতৃয়ে অভিযোগ উত্থাপিত কৰিছে ৷
বৃহস্পতিবাৰেও সুৰাপান কৰি নিশা পিতৃ চামচেৰ সিঙক দাৰে আক্ৰমণ কৰিছিল পুত্ৰ বীজেন্দ্ৰ সিঙে। পিছত নিজকে বচাবলৈ পিতৃয়ে দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে পুত্ৰক ৷
দীৰ্ঘদিনে সুৰাপান কৰি ঘৰত কাজিয়াত লিপ্ত হৈ আহিছিল নিহত পুত্ৰ। পূৰ্বেও কেইবাবাৰো পুত্ৰৰ কু-কৰ্মৰ বিষয়ে থানাত জনাইছিল হত্যাকাৰী পিতৃয়ে। ঘটনাস্থলীত আৰক্ষী (Nagaon Police) উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্ত কৰি হত্যাকাৰী পিতৃ চামচেৰ সিঙক আটক কৰিছে ৷ ইপিনে ঘটনাটোৱে সমগ্ৰ বৰক’লা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Photo & Input: Aminul Hoque
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/acharya-pankaj-pathak-granted-bail-a-day-after-arrest/10650/
Discussion about this post