নলবাৰী জিলাৰ (Nalbari District) আল্লিয়া ভদ্ৰবংগালত শুকুৰবাৰে বিয়লি সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ডৰ (Murder Case) ঘটনা ৷ সাধাৰণ কথাতে পাষাণ পুত্ৰ যোগেশ্বৰ বড়োৱে নিজ জন্মদাত্ৰী মাতৃক বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰি মৃতদেহ পেলাই দিয়ে ধাননি পথাৰত (Mother Killed By Son)৷
ঘটনাটোৰ বিৱৰণি অনুসৰি, মাতৃ আৰু পত্নীৰ প্ৰায়ে কাজিয়া হৈ আছিল। শুকুৰবাৰে পুনৰ কাজিয়া হৈছিল দুয়োগৰাকীৰে। পিছত পত্নী ঘৰ এৰি মাকৰ ঘৰলৈ গুচি যায় লগত লৈ যায় সন্তানকো। ইয়াৰ পিছত পাষাণ পুত্ৰ যোগেশ্বৰ বড়োৱে মাতৃক পত্নী আৰু তাৰ সন্তানক মাকৰ ঘৰৰ লৈ আহিবলৈ কয়। কিন্তু মাতৃয়ে নুশুনিলে পুত্ৰৰ কথা। ফলত বৃদ্ধা মাতৃ নুমলী বড়োৰ ওপৰত আক্ৰমণ কৰিলে পুত্ৰই। খঙৰ ভমকত পুত্ৰই মাতৃক বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰি কোনেও গম নোপোৱাকৈ মৃতদেহটো পেলাই দিলে ধাননিৰ মাজত ৷
কেনেদৰে হত্যা কৰিছিল A To Z বৰ্ণনা কৰিলে কুলাংগাৰ পুত্ৰই-
ইয়াৰ পিছতে স্থানীয় একাংশ ৰাইজে হত্যাকাৰী যোগেশ্বৰক কৰায়ত্ত কৰি এডাল গছত ৰছীৰে বান্ধি খবৰ দিয়ে ঘগ্ৰাপাৰ আৰক্ষীক (Ghograpar Police)। লগে লগে ঘটনাস্থলীত আৰক্ষী (Ghograpar Police Arrest Son) উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘাটক যোগেশ্বৰক আটক কৰে।
ইফালে শনিবাৰে বৃদ্ধ মাতৃৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মৰ্গত থকাৰ সময়তে থানাৰ লক-আপৰ আলহী হৈ থকা হত্যাকাৰী পুত্ৰ যোগেশ্বৰ বড়োয়ে দিলে হত্যাকাণ্ডৰ A To Z বৰ্ণনা। কিয়, কেনেকৈ হত্যা কৰিছিল বৃদ্ধা মাতৃ নুমলীক! খঙৰ ভমকত মাতৃক হত্যা কৰি অনুতপ্ত হত্যাকাৰী পুত্ৰ।
Photo & Input: Khatang Khobor
Discussion about this post