বৰপেটাৰোডৰ (Barpeta) খৈৰাবাৰীত পাষণ্ড পুত্ৰৰ হাতত প্ৰাণ গ’ল বৃদ্ধ মাতৃৰ। বৰপেটাৰোড আৰক্ষীচকীৰ অন্তৰ্গত খৈৰাবাৰীৰ মিলন বস্তীত সংঘটিত হয় এই শোকাৱহ ঘটনা। পুত্ৰ উত্তম পালে মৰিয়াই মৰিয়াই হত্যা (Murder) কৰে জন্মদাত্ৰী মাতৃ জোৎস্না পালক।
স্থানীয় লোক-
প্ৰায় ৭০ বছৰীয়া বৃদ্ধাগৰাকীক পুত্ৰই সুৰাপান কৰি সদায় নিৰ্যাতন চলোৱা গুৰুতৰ অভিযোগ পৰিয়াল তথা স্থানীয় লোকৰ। তেনে নিৰ্যাতনৰ ফলতেই শুকুৰবাৰে নিশা মৃত্যু (Death) সাৱটি লয় বৃদ্ধাগৰাকীয়ে।
ইতিমধ্যে মাতৃক হত্যা কৰি পতালক অৱস্থাত আছে পাষণ্ড পুত্ৰ উত্তম পাল। ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যহাত ৰাখিছে।
মৃতদেহটো বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি।
Photo & Input: জাহিৰুল ইছলাম
Discussion about this post