নিমাতী ঘাটত (Jorhat Nimatighat) পুনৰ অঘটন। এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ নিমাতিঘাটত। ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দিলে মাতৃ-কন্যাই একেলগে। মাতৃয়ে কন্যাসহ আত্মহত্যাৰ চেষ্টা (Mother And Daughter Trying To Suicide) নিমাতী ঘাটত। স্থানীয় যুৱকৰ সহায়ত বহ্মপুত্ৰৰ বুকৰ পৰা উদ্ধাৰ কৰে মাতৃগৰাকীক। বৰ্তমানেও বহ্মপুত্ৰৰ বুকুত সন্ধানহীন ৮ বছৰীয়া কন্যা। উদ্ধাৰৰ বাবে অভিযান অব্যাহত এচ ডি আৰ এফ বাহিনীৰ।
মানুহগৰাকীৰ নাম জুনমনি বাৰীক আৰু ঘৰ গৰখীয়া দল কুহুম জুগনীয়া গাঁৱত। ছোৱালীজনীৰ বয়স ৮ বছৰ নাম পিংকী প্ৰিয়া বাৰিক।
কিন্তু কিয় মাতৃ-কন্যাই জাপ দিব লগা হ’ল ব্ৰহ্মপুত্ৰত? পাৰিবাৰিক সংঘাতৰ পৰিণতিত জীৱনৰ প্ৰতি মোহ হেৰুৱাই পেলোৱা দুৰ্ভগীয়া মাতৃগৰাকীয়ে একেলগে মৃত্যুক আঁকোৱালি ল’বলৈ আহ্বান জনাইছিল কণমানি শিশুটিক। “মোৰ জীৱনটোত বহুত অশান্তি । সেয়েহে জীয়াই নাথাকো বুলি ওলাই আহিছিলো। কণমানিজনীয়ে মোক শুধিছিল কলৈ যোৱা বুলি। মই তাইক কৈছিলো মই নাথাকিলে তুমি কষ্ট পাবা। তাই তেতিয়া কান্দিছিল। মই তেতিয়া তাইক কৈছিলো, তুমি পাপাৰ লগত থাকিবা ! তাই তেতিয়াও কান্দি আছিল। তাৰ পিছতে মই তাইক হাতত ধৰি আগবাঢ়ি গৈছিলো। মোক কোনে টানি আনিলে গম নাপাও। কিন্তু মোৰ সলনি কণমানিজনীকহে উদ্ধাৰ কৰিব লাগিছিল।”-উদ্ধাৰ হোৱা মহিলাগৰাকীয়ে এনেদৰে কয় ।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰ হোৱা মহিলাগৰাকীক চিকিৎসাৰ বাবে জেএমচিএইছত ভৰ্তি কৰোৱা হৈছে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/it-is-not-come-water-from-this-tap-watch-viral-video/6581/
Discussion about this post