বৃহস্পতিবাৰে মৰিগাঁৱৰ (Morigaon) চোলাপাৰৰ মিঞা চুবুৰীৰ গিয়াচুদ্দিন আহমেদৰ কন্যাৰ মঙলদৈৰ জনৈক দৰাৰ সৈতে নিশা সম্পন্ন হয় নিকাহ কাৰ্য।

দৰাঘৰীয়াৰ বিদায়ৰ কালত ছোৱালীৰ পিতৃ গিয়াচুদ্দিনে দৰাঘৰীয়াৰ বাটত থকা তিনিজন যুৱকক খোৱাৰ বাবে আমন্ত্ৰণ জনাই। এই কথাতে ক্ষোভিত হৈ পৰে যুৱককেইজন। এনেদৰে মাতিলেই যাম নেকি বুলি বাক-বিতণ্ডা কৰিবলৈ আৰম্ভ কৰে। পিতৃক দুৰ্ব্যৱহাৰ কৰা প্ৰত্যক্ষ কৰি কইনাৰ জ্যেষ্ঠ ভাতৃয়ে বাধা দিয়াত তিনিওজন দৰাঘৰীয়াই কইনাৰ পিতৃ আৰু ককায়েকক আক্ৰমণ কৰাত দুই পক্ষৰ মাজত হয় প্ৰচণ্ড মাৰপিট (Clash)।
চাওক VIDEO-
ইয়াৰ পিছতে উদণ্ড যুৱকৰ দলটো কইনাঘৰৰ ৰভাতলী এৰি পলায়ন কৰাৰ লগতে দৰাও অৰ্ন্তধান হয় ৰভাতলীৰ পৰাই ৷ দৰা পলাই আনৰ ঘৰত নিজকে গৃহবন্দী কৰি কৰিলে। তাৰ পিছত উপস্থিত হয় আৰক্ষী। আৰক্ষীৰ উপস্থিতিত গোচৰ তৰিলে কইনাঘৰে।
Photo & Input: Mriganka





























Discussion about this post