দৰঙৰ (Darrang) দলগাঁৱত পুণৰ সংঘটিত হৈছে মৰেল পুলিচৰ (Moral Police) গুণ্ডাৰাজ। তিনিজন স্কুলীয়া ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা ভিডিঅ’ শ্বেয়াৰ কৰিলে ছচিয়েল মিডিয়াত। গাওঁৰক্ষী বাহিনীৰ সম্পাদকৰ এনে অমানৱীয় কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চল।
চাওক VIDEO:
জানিব পৰা মতে দৰঙৰ শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং শ্যামপুৰ গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰমজান আলী আৰু ইদ্ৰিছ আলীয়ে দুজন স্কুলীয়া ছাত্ৰক লাঠিৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে।
ছাত্ৰ তিনিজনে সন্ধিয়াৰ সময়ত মালিকৰ বিনা অনুমতিত সৰু এখন নৌকালৈ বালিৰ চৰত ভোজভাত খাব গৈছিল। নৌকাৰ মালিকজন আহি নিজৰ নৌকা দেখা নাপাই খঙত অগ্নিশৰ্মা হয়।
কিছু সময়ৰ পিছতে নৌকালৈ পাৰ ঘাটত উপস্থিত হোৱাৰ লগে লগে লাঠিৰে প্ৰহাৰ কৰি এডাল ৰছীৰে গোটেই ৰাতি বান্ধি ৰাখে নদীৰ পাৰত। পাছদিনা পুৱাই ৰমজান আলী আৰু ইদ্ৰিছ আলীয়ে ঘাট পাৰত গৈ পুনৰ দুয়োজন কিশোৰক প্ৰহাৰ কৰিবলৈ ধৰে।
ঘটনাৰ খবৰ পাই শ্যামপুৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ছাত্ৰ দুজনক উদ্ধাৰ কৰি আনে যদিও ৫ হাজাৰ টকাৰ বিনিময়ত থানাৰ পৰা উলিয়াই আনে সম্পাদক ৰমজান আলীয়ে।
ঘটনা সংক্ৰান্তত ভুক্তভোগী পৰিয়াল আৰু বিভিন্ন দল সংগঠনে মৰেল পুলিচগিৰি চলোৱা লোক দুজনৰ বিৰুদ্ধে পৃথক পৃথককৈ এজাহাৰ দাখিল কৰে যদিও গুৰুত্ব নাই শ্যামপুৰ আৰক্ষীৰ।
আনহাতে আমছু কৰ্মীয়ে অভিযোগ কৰা অনুসৰি শ্যামপুৰ চৰাঞ্চলত ৰমজান আলীয়ে চলাইছে গুণ্ডাৰাজ। লোকজনৰ বিৰুদ্ধে চুৰি, হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হয় যদিও গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ শ্যামপুৰ আৰক্ষীৰ বিৰুদ্ধে।
তাৎপৰ্যপূৰ্ণ কথা হ’ল নিজকে ধুৱা তুলসীৰ পাত সাজি চুৰি কৰা বুলি মিছা অভিযোগ দাখিল কৰিছে ছাত্ৰ দুজনৰ বিৰুদ্ধে। আৰক্ষীৰ নিৰপেক্ষ তদন্তত হে ওলাই পৰিব ঘটনাৰ আচল ৰহস্য।
Photo & Input: নুৰজামাল হক
Discussion about this post