মোবাইলত ৰং নম্বৰত প্ৰেম (Mobile Wrong Number)। পূৰ্বে চাৰিবাৰ বিয়া পতা লোকে এগৰাকী ১৫ বছৰীয়া নাবালিকাক পলুৱাই নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গোলকগঞ্জত (Golakganj)। দুখনকৈ থানাত এজাহাৰ দাখিল। আৰক্ষীও সক্ষম হোৱা নাই উদ্ধাৰ কৰিবলৈ। কিন্তু আৰক্ষীয়ে ১৭শ টকাৰ খৰচ লোৱাৰ অভিযোগ উত্থাপন।
এই ঘটনা সংঘটিত হৈছে গোলকগঞ্জৰ হৰিৰহাটৰ পূৰ্ণী গাঁওখনত। গাঁও খনৰে এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ সৈতে ৰং নম্বৰত চিনাকী হৈছিল এজন বিবাহিত পুৰুষৰ সৈতে। লাহে লাহে সিহঁতৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। উল্লেখ্য আগমনী থানাৰ অন্তৰ্গত বেলগুৰি প্ৰথম খণ্ডৰ আশ্ৰাফুল হক পূৰ্বতে চাৰিবাৰ বিয়া পতা।
আকৌ বিয়া পতাৰ প্ৰলোভনেৰে লম্পট আশ্ৰাফুল হকে বিগত ১২ অক্টোবৰত কিশোৰী গৰাকীক ফুচুলাই পলুৱাই নিয়ে। গুৰগাঁও লৈ নি কিশোৰীগৰাকীক তাইৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক (Rape) কৰে। লম্পট চৰিত্ৰৰ আশ্ৰাফুল হকে কিশোৰীগৰাকীক উলংগ কৰি ফটো উঠায়।
ভুক্তভোগী কিশোৰীৰ মাতৃ-
কিশোৰীগৰাকীয়ে নিৰ্যাতন সহ্য কৰিব নোৱাৰি চিঞৰ-বাখৰ আৰম্ভ কৰে। চিঞৰ বাখৰ কৰাত লম্পট আশ্ৰাফুল হকে গুৰগাঁৱৰ পৰা কিশোৰীগৰাকীক আনি ঘৰৰ কাষত থৈ পলাই যায়। কিন্তু লম্পট আশ্ৰাফুল হকে কিশোৰীগৰাকীৰ অশ্লীল ফটোসমূহ সামাজিক মাধ্যমত ভাইৰেল কৰি গৈ থাকে।
এই ঘটনাৰ ন্যায় বিচাৰি কিশোৰীগৰাকীৰ পিতৃয়ে গোলকগঞ্জ থানাত যোৱা ১০ নৱেম্বৰত এজাহাৰ দাখিল কৰে। আৰক্ষীয়েও 1273/2021 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 417/366 A 376 (3) , 6 (POCSO) আৰু 67 (A) ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। গোলকগঞ্জ আৰক্ষীয়ে (Golakganj Police) লম্পট আশ্ৰাফুল হকক বিচাৰি থকাৰ সময়তেই আকৌ কিশোৰীগৰাকীক আগমনীৰ ৰনপাগলী গাঁৱত থকা তাইৰ মোমায়েকৰ ঘৰৰ পৰাই অপহৰণ কৰে।
ঘটনা সংক্ৰান্তত আগমনী থানাত যোৱা ১৯ ডিচেম্বৰত আকৌ এজাহাৰ দাখিল কৰে কিশোৰীগৰাকীৰ পিতৃয়ে। উল্লেখ্য সাংবাদিকৰ কেমেৰাৰ সন্মুখত কিশোৰীগৰাকীৰ মাতৃয়ে আগমনী আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। কিশোৰীগৰাকীৰ মাতৃয়ে কোৱামতে তদন্তকাৰী আৰক্ষী বিষয়া এজনে ১৭শ টকা খৰচ লয় কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ নামত। কিন্তু আৰক্ষীয়ে এতিয়াও উদ্ধাৰ কৰিব পৰা নাই কিশোৰীগৰাকীক।
Photo & Input: Firoz Alom
Discussion about this post