মহানগৰীৰ (Guwahati) বিভিন্ন প্ৰান্তত মোবাইল চুৰি (Mobile Theft) কৰি বিক্ৰী কৰা এটা বৃহৎ চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে ভগদত্তপুৰ আৰক্ষীয়ে (Bhagadattapur Police)। আৰক্ষীয়ে ৰামদিয়াৰ গাঁওবুঢ়া পাম চৰ, মুকালমুৱাৰ ভাঙনমাৰী চৰ আৰু শিয়ালমাৰী চৰত অভিযান চলাই প্ৰায় ১০ লাখ টকা মূল্যৰ ৭৯টা এন্ড্ৰইড মোবাইল ফোন উদ্ধাৰ (79 Endroid Mobile Phone Recover) কৰাৰ লগতে চুৰি চক্ৰটোৰ সৈতে জড়িত মহিলাসহ তিনিটা চোৰক (3 Thieves Arrest) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত মহিলাগৰাকীৰ নেতৃত্বতে মোবাইল চুৰি চক্ৰটোৱে (Mobile Phone Theft Racket) বিভিন্ন প্ৰান্তত চুৰিকাণ্ড সংঘটিত কৰি অবৈধভাবে বিক্ৰী কৰি আহিছিল। ধৃত দুটা চোৰক আব্বাচ আলী আৰু বেদেনউদ্দিন আলী বুলি চিনাক্ত কৰা হৈছে। লগতে মহিলা চুৰণীৰ নাম জৰিনা বেগম।
শেহতীয়াকৈ এই চুৰি চক্ৰটোৱে যোৱা ১১ এপ্ৰিলত কাহিলীপাৰাৰ জনকপুৰৰ গুম্বী ছফ্টৱেৰ প্ৰাইভেট লিমিটেডৰ পৰা চৰকাৰী বিদ্যালয়লৈ অনুমোদিত ১২১টা মোবাইল ফোন চুৰি কৰিছিল। ইয়াৰ পিছতে ভগদত্তপুৰ আৰক্ষীয়ে (Bhagadattapur Police) চোৰৰ বিৰুদ্ধে অভিযান চলাই অৱশেষত চুৰি হোৱা নকিয়া চি০১ চিৰিজৰ ৭৯টা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Photo & Input: ৰমেশ বৈশ্য
Discussion about this post