মঙলদৈ (Mangaldoi) পতালসিং পাৰাৰ গণক চুবাত বুধবাৰে সংঘটিত হয় আধুনিক সমাজক লজ্জানত কৰা এক আচৰিত ঘটনা (Ajab Incident)। সামাজিক সংকীৰ্ণতাৰ বলি হ’ল এটা পৰিয়াল। সৎকাৰৰ বিপৰীতে গাঁত খান্দি পুতি থোৱা হৈছিল এটা মৃতদেহ।
সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে হিন্দু ৰীতি-নীতি অনুসৰি সৎকাৰ কৰাৰ পৰিৱৰ্তে গাঁতত মৃতদেহ পুতিব লগা হোৱাত স্তম্ভিত হৈ পৰিছে সচেতন সমাজ। ঘটনাটো সংঘটিত হৈছিল মঙলবাৰে। মঙলবাৰে মঙলদৈ গণক চুবাত মৃত্যু হৈছিল ৬৫ বছৰীয়া অতুল শৰ্মা নামৰ এজন লোকৰ। অতুল শৰ্মাৰ মঙলবাৰে মাজৰাতি আকস্মিকভাবে নিজ ঘৰতেই মৃত্যু হৈছিল।
শৰ্মাৰ দুটি ল’ৰা-ছোৱালী আছে যদিও এক মাত্ৰ পুত্ৰই পঞ্জাৱত কোনো কাৰখানাত কাম কৰি আছে আৰু ছোৱালী বিবাহ সূত্ৰে স্বামী গৃহত থাকে।
মৃত্যুৰ পিছতে মৃতক শৰ্মাৰ পত্নীয়ে গাঁৱৰ ওচৰ-চুবুৰীয়াক খবৰ কৰে আৰু মৃতকক সৎকাৰৰ বাবে ওচৰ-চুবুৰীয়াৰ সহায় বিচাৰে, কিন্তু ওচৰ-চুবুৰীয়া কোনোৱেই মৃতকৰ ঘৰলৈ নাহিল। বুধবাৰেও গৃহস্থই ওচৰ-চুবুৰীয়াক অন্তিম সৎকাৰৰ বাবে অনুৰোধ জনাইছিল যদিও ওচৰ-চুবুৰীয়া কোনোৱেই মৃতকৰ সৎকাৰৰ বাবে দায়িত্ব নল’লে।
অৱশেষত মৃত অতুল শৰ্মাৰ তিনি ভাতৃৰ সহায়ত নদীৰ পাৰত গাঁত খান্দি পুতি থয় মৃতদেহটো।
উল্লেখযোগ্য যে বিগত ২৭ বছৰ পূৰ্বে অতুল শৰ্মাই কোঁচ সম্প্ৰদায়ৰ প্ৰণিতা দেৱীক বিয়া কৰোৱাইছিল। সমাজৰ মতে এইটোৱে দোষ আছিল অতুল শৰ্মাৰ। যাৰ বাবে প্ৰতিদিনে সকলো সামাজিক কামৰ পৰা বঞ্চিত হৈ আহিছে পুত্ৰ জীয়ৰীসহ পত্নী প্ৰণিতা দেৱী। এইবাৰ সম্পূৰ্ণ অমানৱীয়তা প্ৰদৰ্শন কৰি মৃতদেহ সৎকাৰ কৰিবলৈও আগবাঢ়ি নাহিল ওচৰ-চুবুৰীয়া।
এই বাতৰি প্ৰকাশ পোৱাৰ পিছতেই শুকুৰবাৰে অতুল শৰ্মাৰ গৃহত আক্ৰাছুৰ (Aakrasu) কেন্দ্ৰীয় নেতৃত্বৰ লগতে মঙলদৈ আৰক্ষী (Mangaldoi Police) আৰু দণ্ডাধিশৰ উপস্থিতিত মৃতদেহ গাঁতৰ পৰা উলিয়াই আনি পুনৰ সৎকাৰ কৰাৰ ব্যৱস্থা কৰে।
এই ঘটনাটোত ৰাইজৰ মাজত উচতনিমূলক মন্তব্য প্ৰকাশ কৰি গাওঁবাসীক বিচলিত কৰাৰ বাবে মঙলদৈ আৰক্ষীয়ে (Mangaldoi Police) প্ৰাৰম্ভিক অনুসন্ধান চলাই যাদব শৰ্মা নামৰ গাঁওখনৰ মুখিয়াল এজনক আটক কৰিছে।
Photo & Input: Bhabesh Kalita
Published By: Dulu Medhi
Discussion about this post