গুৱাহাটীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মদ ক্ৰয় কৰিবলৈ টকা নিদিয়া বাবেই এজন যুৱকে আন এজন যুৱকক কৰিলে আক্ৰমণ। সুৰা আৰু পেট্ৰ’ল ঢালি জ্বলাই দিয়ে যুৱকজনক। এই নৃশংস ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ ধীৰেনপাৰাত।
উল্লেখ্য উৎপল বড়ো নামৰ এজন যুৱকে আমজাদ আলী নামৰ এজন যুৱকৰ পৰা টকা বিচাৰিছিল মদ ক্ৰয় কৰিবলৈ। কিন্তু আমজাদে টকা দিবলৈ অমান্তি হৈছিল। তাৰ পিছতে সংঘটিত হয় এই অঘটন। খঙৰ ভমকত সুৰা আৰু পেট্ৰ’ল ঢালি জ্বলাই দিলে আমজাদ আলী নামৰ যুৱকজনক।
এই ঘটনা সংঘটিত কৰিয়েই অভিযুক্ত উৎপল বড়ো ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাস্থলীত ফটাশিল আৰক্ষী উপস্থিত হৈ অগ্নিদগ্ধ আমজাদক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমান যুৱকজন জীৱন মৰণৰ সৈতে যুজঁ দি আছে।
ইফালে আৰক্ষীয়ে অভিযুক্ত উৎপল বড়োৰ সন্ধান অভিযান অব্যাহত ৰাখিছে।
Photo: Google
Discussion about this post