তামিলনাডুৰ (Tamilmadu) ৰাজধানী চেন্নাইত (Chennai) এজন প্ৰেমিকে নিজৰ প্ৰেমিকাক হত্যা কৰে কাৰণ তাই শাৰীৰিক সম্পৰ্ক (Sex) কৰিবলৈ অস্বীকাৰ কৰিছিল (Man Kills Lover For Refusing Sex)। হত্যাকাণ্ডটো (Murder Case) সংঘটিত কৰাৰ পিছত অভিযুক্ত প্ৰেমিকজনে তেজেৰে লুটুৰি-পুতুৰি হৈ থকা ছাৰ্ট পিন্ধি বাছ ষ্টেণ্ডত বহি আছিল। আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে। লগতে লোকজনে হত্যাৰ কথাও স্বীকাৰ কৰিছে।
টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি চেন্নাই আৰক্ষীৰ টহলদাৰী দলে দুপৰীয়া প্ৰায় ১ বজাত কুদ্ৰাথুৰ অঞ্চলৰ এটা বাছ ষ্টেণ্ডত বহি থকা এজন ৩৮ বছৰীয়া লোকক দেখিছিল। লোকজনৰ ছাৰ্টটো তেজেৰে পূৰা ভিজি আছিল। যেতিয়া তেওঁলোকে লোকজনৰ কাষ চাপিছিল আৰু জেৰা কৰিছিল, তেতিয়া তেওঁ হত্যাৰ বিষয়ে বৰ্ণনা কৰিছিল। পিছত তেওঁ আৰক্ষীক তেওঁৰ লগত সেই ঘৰটোলৈ লৈ গৈছিল য’ত তেওঁ হত্যা কৰিছিল। অভিযুক্তজনৰ নাম ৰাজা।
আৰক্ষীৰ দলটো আচৰিত হৈছিল যেতিয়া তেওঁলোক তাত উপস্থিত হৈছিল। চাৰিওফালে তেজ বিয়পি আছিল আৰু সন্মুখত অৰ্ধ-নগ্ন অৱস্থাত মহিলাৰ মৃতদেহ পৰি আছিল। প্ৰেমিকে কৈছিল যে তেওঁ মহিলাগৰাকীক চুৰিৰে হত্যা কৰিছিল। ৰাজাই কৈছিল যে মহিলাগৰাকীৰ নাম কান্নাম্মা আছিল। তেওঁ যোৱা পাঁচ বছৰ ধৰি তাইৰ প্ৰেমিক আছিল। তাই এটা ভাড়াঘৰত বাস কৰিছিল আৰু এটা ব্যক্তিগত কোম্পানীত দৈনিক মজুৰী শ্ৰমিক হিচাপে কাম কৰিছিল।
আৰক্ষীয়ে কৈছিল যে ৰাজা শনিবাৰে নিশা সুৰাৰ নিচাত তাইৰ ঘৰলৈ গৈছিল আৰু তেওঁ প্ৰেমিকাক শাৰীৰিক সম্পৰ্ক কৰিবলৈ বাধ্য কৰিছিল (Man Kills Lover For Refusing Sex)। তাই অস্বীকাৰ কৰিছিল, যাৰ ফলত দুয়োৰে মাজত কাজিয়া হৈছিল। মাতাল ৰাজাই তাইক তেওঁৰ সৈতে শুবলৈ বাধ্য কৰিছিল আৰু দুয়োৰে মাজত তীব্ৰ তৰ্ক হৈছিল। মহিলাগৰাকীৰ কান্দোন শুনি কিছুমান চুবুৰীয়াই হস্তক্ষেপ কৰি ৰাজাক তাইৰ ঘৰৰ পৰা উলিয়াই দিলে। পিছত সেই নিশাই, ৰাজাই সকলো শুই যোৱাৰ পিছত পুনৰ ঘূৰি আহিছিল, তাইক ঘৰৰ ভিতৰত বন্ধ কৰি দিছিল আৰু চুৰিৰে হাঁনি-খুচি হত্যা কৰিছিল।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/petrol-diesel-cylinder-current-bill-price-hike-all-india/7711/
Discussion about this post