উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ ছাহাৰনপুৰ (Saharanpur)ৰ পৰা এটা হৃদয় কঁপোৱা ঘটনা পোহৰলৈ আহিছে।
ইয়াত, এজন লোকে মোবাইল লৈ হোৱা বিবাদত তেওঁৰ ককায়েকক নিৰ্মমভাৱে হত্যা কৰে। তাৰ পিছত ককায়েকৰ মৃতদেহটো কাটি সৰু সৰু টুকুৰা কৰি(Accused Cut His Elder Brother Into Pieces) ঘৰৰ ভিতৰৰ মাটিত পুতি থৈ দিয়ে।
শৰীৰটো কাটি কাটি ঘৰৰ ভিতৰত থলে পুতি
আমাক জনাও যে এই ভয়ংকৰ ঘটনাটো ছাহাৰনপুৰৰ থানা গাংগোহ অঞ্চলৰ ঢোলা গাঁৱত সংঘটিত হৈছিল। মোবাইলক লৈ হোৱা বাক-বিতণ্ডাৰ পিছত সৰু ভায়েকে ককায়েক ফৰমানৰ মূৰত বেলচা মাৰি দিয়ে, যাৰ ফলত ককায়েকে মৃত্যুক সাৱটে।
পিছত অভিযুক্ত ভাতৃ ভয় খাই আৰু জেল যোৱাৰ ভয়ত মৃতদেহটো টুকুৰা টুকুৰ কৰে আৰু ঘৰতে পুতি থৈ দিয়ে।
২২ দিনৰ পিছত এনেদৰে খুলিল ৰহস্য
আৰক্ষীয়ে অভিযুক্তজনৰ ঘৰৰ পৰা ২২ দিন পিছত মৃতকৰ মৃতদেহ উদ্ধাৰ কৰিছিল। দৰাচলতে, অভিযুক্তজনৰ ঘৰৰ পৰা দুৰ্গন্ধ আহি আছিল।
যেতিয়া চুবুৰীয়াত বাস কৰা লোকসকলে তেওঁক এই বিষয়ে সুধিছিল, তেওঁ যি টি কথা পাতিবলৈ আৰম্ভ কৰিছিল। পিছত সন্দেহ হোৱাত গাঁওবাসীয়ে সোমবাৰে নিশা আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছত আৰক্ষীৰ জেৰাত অভিযুক্তই সকলো কথা মুখৰ পৰা ওলাই দিয়ে।
ঘটনাটো ঈদৰ তিনিদিন পূৰ্বে সংঘটিত হৈছিল
আৰক্ষীয়ে অভিযুক্তজনৰ কোৱা অনুসৰি ঘৰটো খনন কৰিছিল আৰু মৃতকৰ মৃতদেহৰ পচা টুকুৰা উদ্ধাৰ কৰিছিল।
আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে। ঘটনাটো ঈদৰ তিনিদিন আগতে সংঘটিত হৈছিল বুলি জানিবলৈ দিয়ে। ঈদৰ পূৰ্বে ককায়েক ফৰমানে এটা নতুন মোবাইল আনিছিল।
এছ পি দেহাত অতুল শৰ্মাই কৈছিল যে, দুয়োজন ভাতৃৰ মোবাইলক লৈ কাজিয়া হৈছিল। সৰু ভায়েকে ডাঙৰ ভায়েকৰ মোবাইলটো ভুল পিনেৰে লক কৰি দিছিল। ইয়াৰ পিছত ডাঙৰ ভায়েকে সৰু ভায়েকক প্ৰহাৰ কৰিছিল। তাৰ পিছৰ পৰিণতি আপোনালোকৰ সন্মুখত।
Photo: Google
Discussion about this post