নৱ গঠিত বজালী জিলাৰ (Bajali District) অন্তৰ্গত বালাপাৰাত সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা (Suicide Case)। ধাৰৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰে ৰবীন চন্দ্ৰ ৰয় নামৰ এজন লোকে (Man Commited Suicide)।
যি সময়ত বিজেপি চৰকাৰে বন্ধন গোটৰ (Bandhan Bank) ঋণ দুখীয়া দৰিদ্ৰ জনতাক মাফ কৰি দিব বুলি কৈছিল সেই সময়তে বন্ধন গোটৰ ধন লৈ ঋণ দিব নোৱাৰাত আত্মহত্যাৰ পথ বাছি ল’লে বালাপাৰাৰ ২নং ব্লকৰ ৰবেন চন্দ্ৰ ৰয় নামৰ লোকজনে। ঘটনাস্থলীত বালাপাৰা আৰক্ষী (Balapara Police) উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
৫০ বছৰীয়া দুই সন্তানৰ পিতৃ ৰবেন চন্দ্ৰ ৰয়ে পুৱতি নিশা নিজ বাসগৃহৰ সমীপতে থকা পুখুৰীৰ পাৰত গছ চীপ লৈ আত্মহত্যা (Suicide Case) কৰে। ডাক্তৰ হিচাপে সমগ্ৰ বালাপাৰা অঞ্চলত পৰিচিত ৰবেন চন্দ্ৰ ৰয়ে আত্মহত্যাৰ পথ বাছি লোৱাত সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা ৰবেন চন্দ্ৰ ৰয়ে ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লয়।
বালাপাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে।
Photo & Input: ৰবিউল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-at-nagaon-uria-gaon-in-assam/12299/
Discussion about this post