বাক্সাৰ বাৰাপেটা নেপালী বস্তীত নাৰী নিৰ্যাতনৰ ঘটনা। এগৰাকী-দুগৰাকী নহয়, ৭ গৰাকীকৈ যুৱতীক প্ৰেমৰ জালত পেলাই বিবাহপাশত আৱদ্ধ কৰি আৰক্ষীৰ জালত লম্পট স্বামী।
স্বামীয়ে গুৰুলা গুৰুলকৈ মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিলে নৱ বিবাহিতাক। এই ঘটনা সংঘটিত হৈছে বাক্সাৰ বাৰাপেটা নেপালী বস্তীত। প্ৰায় এবছৰ পূৰ্বে ভোজৰাজ দৰ্জী ওৰফে ৰাজুৱে প্ৰেমৰ সূত্ৰে বিবাহ কৰোৱাইছিল শোণিতপুৰ জিলাৰ ধলাবিলৰ তুলসী দৰ্জী নামৰ যুৱতীগৰাকীক।
তাৰ পিছৰ পৰাই স্বামীয়ে সুৰাপান কৰি আহি যৌতুক বিচাৰি নিৰ্যাতন চলাই গৈছিল নৱবিবাহিতাক। ঘটনা অনুসৰি সোমবাৰে নিশাও স্বামী ভোজৰাজ দৰ্জীয়ে সুৰাপান কৰি আহি বাঁহৰ লাঠিৰে মাৰধৰ কৰে অন্তসত্ত্বা পত্নী তুলসী দৰ্জীক।
তাৰ পিছতে চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজ উপস্থিত হৈ স্বামীৰ হাতৰ পৰা ৰক্ষা কৰে নৱবিবাহিতা গৰাকীক। ইয়াৰ পিছতে ভুক্তভোগী নৱবিবাহিতা গৰাকীয়ে স্থানীয় লাৱদাংগুৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
এজাহাৰ দাখিলৰ পিছত আৰক্ষীয়ে স্থানীয় মহিলা সমিতিৰ সহযোগত পলাতক অৱস্থাত থকা ভোজৰাজ দৰ্জীক আটক কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পিছতে স্থনীয় মহিলা সমিতিয়ে একগোট হৈ পত্নী নিৰ্যাতনকাৰী স্বামীক শীঘ্ৰেই উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।
উল্লেখ্য যে স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ইয়াৰ পূৰ্বেও লম্পট ভোজৰাজ দৰ্জীয়ে এগৰাকী-দুগৰাকী নহয়, ৭ গৰাকীকৈ যুৱতীক প্ৰেমৰ জালত পেলাই বিবাহ কৰাইছিল। আৰু অনুৰূপ ঘটনা সংঘটিত কৰিয়ে পূৰ্বৰ ৬ গৰাকীকৈ পত্নীক ঘৰৰ পৰা খেদি পঠিয়াইছে বুলি জানিব পৰা গৈছে।
Photo & Input: জাহিৰুল ইছলাম
Discussion about this post