প্ৰেমৰ (Love Case) নামত ভয়ংকৰ পৰিণাম ভুগিবলগীয়া হ’ল এজন কিশোৰে (Lover Punished By Father)। প্ৰেমিক কিশোৰৰ হাতে-ভৰি বান্ধি দুই কাণ কাটি তালিবানী শাস্তি (Talibani Punishment) বিহিলে প্ৰেমিকাৰ পিতৃয়ে। এই ভয়ংকৰ ঘটনাই (Horrific Incident) চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্য়ত।
জানিবলৈ দিয়া অনুসৰি তিনিচুকীয়াৰ (Tinsukia) বৰডুমচা থানাৰ (Bordumsa) অন্তৰ্গত কৈলাশপুৰৰ শিমলুগুৰি গাঁৱত এজন প্ৰেমিক কিশোৰক নিৰ্মম শাস্তি প্ৰদান কৰে প্ৰেমিকাৰ পিতৃয়ে। জীয়েকৰ সৈতে ঘৰৰ একেটা কোঠাত প্ৰেমিকক দেখা পোৱাৰ পিছত ক্ষুব্ধ হৈ উঠে। তাৰ পিছতে চিত্ৰ গগৈ নামৰ লোকজনে প্ৰেমিক কিশোৰজনক প্ৰথমে হাত-ভৰি বান্ধে আৰু তাৰ পিছত চলাই অমানুষিক অত্যাচাৰ।


মাৰপিট কৰাৰ পিছতো ক্ষান্ত নাথাকি দাৰে কাটি পেলাই কিশোৰজনৰ দুয়োখন কাণ (Cut Ear)। অভিযুক্ত চিত্ৰ গগৈয়ে তালিবানী শাস্তি বিহা কিশোৰজন হৈছে একেখন গাঁৱৰে প্ৰয়াত বিজু সন্দিকৈৰ পুত্ৰ।
ইফালে প্ৰেমিকাৰ পিতৃৰ অমানুষিক অত্যাচাৰৰ পিছত মুমুৰ্ষ অৱস্থাত পৰি থকা কিশোৰজনক পৰৱৰ্তী সময়ত স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে। কিশোৰী প্ৰেমিকাৰ পিতৃ চিত্ৰ গগৈ গাঁওৰক্ষী বাহিনীৰো এজন কৰ্মকৰ্তা। ঘটনা সন্দৰ্ভত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতো আৰক্ষীয়ে (Tinsukia Police) কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমানলৈ দুয়োপক্ষৰ পৰা কোনো ধৰণৰ এজাহাৰ দাখিল কৰা হোৱা নায়।
Photo & Input: Khatang Khobor
Published By: Dulu Medhi
Discussion about this post