উত্তৰ গুৱাহাটীৰ (North Guwahati) ভেটামুখ নয়নপাৰাত সংঘটিত হৈছে এক নৃশংস হত্য়াকাণ্ডৰ (Murder case) ঘটনা। এগৰাকী যুৱতীক কোঠাৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰি পলায়ন হত্যাকাৰীৰ। ভাড়াঘৰৰ বন্ধ কোঠাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। মৃত ১৮ বছৰীয়া যুৱতীগৰাকীৰ নাম আছমিনা খাতুন। নগাঁৱৰ জুৰীয়া থানাৰ (Nagaon Juria Station) অন্তৰ্গত সোণাইপাৰা গাঁৱৰ বাসিন্দা আছমিনা। হত্যাকাৰীয়ে যুৱতীগৰাকীক হত্যা কৰি খিৰিকীৰে পলায়ন কৰে।
যুৱতীগৰাকীৰ আত্মীয়ই জানিবলৈ দিয়া অনুসৰি, বৰপেটাৰ চফিকুল আৰু উত্তৰ প্ৰদেশৰ পি কে আনন্দৰ লগত প্ৰেমৰ সম্পৰ্ক (Love Case) আছিল যুৱতীগৰাকীৰ। উত্তৰ প্ৰদেশৰ পি কে আনন্দে চাকৰিৰ প্ৰলোভন দেখুৱাই যুৱতীগৰাকীক লৈ গৈছিল বহিঃৰাজ্যলৈ। আছমিনা খাতুনে বহিঃৰাজ্যৰ পৰা কোনোমতে পলাই আহি পুনৰ উত্তৰ গুৱাহাটীৰ এটা মিঠাই ফেক্টৰীত কাম কৰিবলৈ আৰম্ভ কৰিছিল।
চফিকুল নামৰ প্ৰেমিকজনে আছমিনাক সোমবাৰে প্ৰেমৰ উপহাৰ হিচাপে দিছিল এটা মোবাইল ফোন। ত্ৰিকোণীয় প্ৰেমৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। নিশাই উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ এয়া এক হত্যাকাণ্ড বুলি অভিহিত কৰে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-bhedailota-benefits-for-health/11157/
Discussion about this post