বঙাইগাঁও জিলাৰ (Bongaigaon District) মানিকপুৰ আৰক্ষী (Manikpur Police Station) থানাৰ অন্তৰ্গত আলুখুন্দা গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বন্ধুৰ পত্নীক পলুৱাই আনি শিক্ষক বাবুল আলীৰ পলায়ন (Love Case)। এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্বামীয়ে ৰুজু কৰিলে গোচৰ। ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।
বাবুল আলী (Babul Ali) নামৰ এইজন শিক্ষকে নিজৰে বন্ধু জয়নাল আব্দিনৰ পত্নীৰ সৈতে গঢ়ি তুলিছিল অবৈধ প্ৰেমৰ সম্পৰ্ক (Extra Marital Affairs)। আঠ বছৰীয়া প্ৰেমৰ অন্তত পলুৱাই নিলে দুই সন্তানৰ মাতৃক। তিনি দিন পূৰ্বে বাবুল আলীয়ে বন্ধুৰ ঘৈণীয়েক তথা দুই সন্তানৰ মাতৃক পলুৱাই আনি নিজৰ ঘৰত ৰাখি পলায়ন কৰে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে জয়নাল আব্দিনে নিজৰ ঘৈণীয়েকক বাবুল আলীয়ে পলোৱাই লৈ যোৱা বুলি মানিকপুৰ আৰক্ষীক অৱগত কৰে। মাণিকপুৰ আৰক্ষীয়ে (Manikpur Police) ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও বাবুল আলীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।
বাবুল আলীৰ প্ৰেম প্ৰতাৰণাৰ বলি হোৱা দুই সন্তানৰ মাতৃ এতিয়া বাবুলক বিচাৰি হাহাকাৰ কৰিছে। ইফালে স্বামী জয়নালে পত্নীৰ লগত সংসাৰ নকৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
আনহাতে বাবুল আলীক নাপালে আত্মহত্যাৰ ভাবুকি (Suicide Threats) প্ৰদান কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।
Photo & Input: ৰবিউল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/ganja-and-international-cigarette-burning-by-shimultapu-police/8297/
Discussion about this post