বিহালীত (Bihali) পুনৰ লভ জেহাদৰ (Love Jihad) ঘটনা সংঘটিত হৈছে। ফেচবুকত ভুৱা পৰিচয় দি হিন্দু যুৱতীক মুছলমান যুৱকে পলোৱাই (Hindu Girl Love With Muslim Boy) নিলে তামিলনাডুলৈ। আৰজু নামৰ মুছলমান যুৱকজনে ফেচবুকত নিজকে ‘দাস’ উপাধিৰে ভুৱা পৰিচয় দি প্ৰেমৰ জালত পেলাইছিল হিন্দু যুৱতীক। তাৰ পিছত যুৱতীগৰাকীক পলুৱাই লৈ যায় তামিলনাডুলৈ (Tamilnadu)।
ফেচবুকত হিন্দু পৰিচয়ৰে একাউণ্ট খুলি প্ৰেমৰ প্ৰলোভন দি হিন্দু যুৱতীক পলুৱাই নিলে দক্ষিণ ভাৰতলৈ ৷ জানিব পৰা অনুসৰি বিহালীৰ বতিয়ামাৰী ৰৌমাৰীৰ এগৰাকী যুৱতীক পলুৱাই নিলে থান বিহালীৰ (Bihali) এজন মুছলমান সম্প্ৰদায়ৰ আৰজু নামৰ এজন যুৱকে ৷
ফেচবুকত নিজকে আৰজু দাস উপাধিৰে একাউণ্ট খুলি দীৰ্ঘদিনৰে পৰা প্ৰেম সম্পৰ্ক গঢ়িছিল যুৱতীগৰাকীৰ সৈতে। অৱশেষত যোৱা সোমবাৰে পলুৱাই নি পালেগৈ তামিলনাডু ৷ দীৰ্ঘদিনৰ পৰা যুৱকজন তামিলনাডুত এক প্ৰতিষ্ঠানত কৰ্মৰত আছিল আৰজু ৷ আৰজুৰ পিতৃৰ নাম হাছেন আলী বৰ্তমান থান বিহালীৰ বাসিন্দা ৷ বৰ্তমান যুৱতীগৰাকীৰ পিতৃয়ে যুৱতী গৰাকীক পুনৰ স্বগৃহলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে।
ইফালে পিতৃৰ অভিযোগ যে- তেওঁৰ কন্যাক জোৰ কৰি পলুৱাই লৈ গৈছে যুৱকজনে। নিজকে হিন্দু সম্প্ৰদায়ৰ যুৱক বুলি কন্যাক প্ৰেমৰ জালত পেলাইছিল আৰু শেষত পলুৱাই লৈ গ’ল।
Photo & Input: পলাশ প্ৰিয়ম
Published By: Dulu Medhi
Discussion about this post