Suicide Viral Video: প্ৰেমিকাৰ প্ৰতাৰণা সহ্য কৰিব নোৱাৰি প্ৰেমিকে ল’লে চৰম সিদ্ধান্ত (Boyfriend Suicide For Girlfriend)। আত্মহত্যাৰ পূৰ্বে ফেচবুক লাইভ (Facebook Live Before Suicide) কৰি যুৱকজনে ক’লে প্ৰেমিকাৰ প্ৰতাৰণাৰ কাহিনী। তাৰ পিছতে জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত’ গানটো গাই উচুপি উঠে যুৱকজন। তাৰ পিছতে সকলো শেষ।
অন্ধ্ৰ প্ৰদেশত ৰঙিয়াৰ (Rangia) বটাকুছিৰ এজন যুৱকে ফেচবুকত লাইভ দি চিপ লৈ আত্মহত্যা (Suicide Case) কৰিলে। প্ৰেমিকাৰ প্ৰতাৰণাৰ কাহিনী কৈ নিজকে শেষ কৰিলে ৰেকিব আলী ওৰফে বুবুয়ে। ৰঙিয়াৰ বৰদোঙা বটাকুছিৰ বুবুৰ বয়স আছিল মাত্ৰ ২২ বছৰ। ফেচবুক লাইভ কৰি আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ফেচবুক লাইভত প্ৰথমে যুৱকজনে প্ৰেমিকাৰ প্ৰতাৰণাৰ কাহিনী বিৱৰি কয়। তাৰ পিছতে জুবিনৰ ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটো গাই উচুপি উঠে। আৰু অৱশেষত নিজৰ কোঠাতে ডিঙিত চিপ লৈ জীৱনৰ চৰম সিদ্ধান্ত ল’লে যুৱকজনে। ঘটনাস্থলীত ইতিমধ্যে অন্ধ্ৰ প্ৰদেশৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে। এই খবৰ বিয়পি পৰাৰ পিছতে এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে বৰদোঙা বটাকুছি অঞ্চলত।
Photo & Input: চফিকুল আহমেদ
Published By: Dulu Medhi
Discussion about this post