নগাঁৱৰ (Nagaon) কঠিয়াতলীৰ বৰহোলাত নিশা উত্তেজনা। শহুৰ আৰু বোৱাৰীক শাহুৱেকে গতালে আৰক্ষীক (Father In Law And Daughter In Law)। দুবছৰীয়া প্ৰেমৰ অন্তত আৰক্ষী থানাই শেষ আশ্ৰয় হ’ল এহাল প্ৰেমিক যুগলৰ। নগাঁৱৰ কঠিয়াতলীৰ বৰহোলা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
৬২ বছৰীয়া শহুৰ আৰু ৩৫ বছৰীয়া বোৱাৰী প্ৰেম কাহিনীৰ গুৰুতৰ অভিযোগ তুলিছে নিজ পত্নী তথা শাহুৱেকে। পত্নীক এৰি নিজ বোৱাৰীৰ প্ৰেমত মচগুল হোৱা বিজয় ডেকাৰ ঘৰখনত সদায় সৃষ্টি হয় কুৰুক্ষেত্ৰৰ।
নগাঁৱৰ কঠিয়াতলীৰ বৰহোলাৰ ৬২ বছৰীয়া বিজয় ডেকা আৰু তেওঁৰ নিজ বোৱাৰীৰ মাজত চলা প্ৰেম কাহিনীৰ গুৰুতৰ অভিযোগ তুলিছে নিজ পত্নী তথা শাহুৱেকে। কেইবছৰমান আগতে মৃত্যু ঘটিছিল বিজয় ডেকাৰ পুত্ৰৰ। দুবছৰৰ পৰা শহুৰ বিজয় ডেকাৰ আৰম্ভ হ’ল প্ৰেম।
ইফালে এই কথা বিজয় ডেকাৰ পত্নীয়ে জ্ঞাত হোৱাত ঘৰখনত সদায় অশান্তিৰ সৃষ্টি হোৱাত প্ৰতিদিনে ঘৰখনত এখন কুৰুক্ষেত্ৰ হ’বলৈ ধৰিলে। অভিযোগ অনুসৰি বিজয় ডেকাই নিজৰ পত্নী আৰু ল’ৰা ছোৱালীক নিৰ্মম অত্যাচাৰ কৰিব ল’লে।
শেহতীয়াকৈ বিজয় ডেকাই বোৱাৰীক লগত লৈ ৰহাৰ দেউবালিৰ বোৱাৰী গৰাকীৰ পিতৃ গৃহত ৰাস চাব গৈছিল। দুয়োৰে পিছে পিছে সেইঠাইত ওলাইছিল বিজয় ডেকাৰ পত্নীও। পত্নীক দেখি হতবাক হৈ পৰে বিজয় ডেকা আৰু তাৰ পিছতেই পলায়ন। বৃহস্পতিবাৰৰ সন্ধিয়া বৰহোলাস্থিত ঘৰত উপস্থিত হৈ নিজ পত্নীৰ ওপৰত নিৰ্মম অত্যাচাৰ চলায় ৷ পাছত পত্নীৰ এজাহাৰৰ ভিত্তিত শহুৰ আৰু প্ৰেমিকা বোৱাৰীক কঠিয়াতলী আৰক্ষীয়ে (Kathiatoli Police) আটক কৰি থানলৈ লৈ আহে।
Photo & Input: আমিনুল হক
আৰু পঢ়কঃ https://khatangkhobor.com/news/senior-journalist-basanta-kumar-sharma-passed-away/12525/
Discussion about this post