এক আজৱ ঘটনা (Ajab Incident) সংঘটিত হৈছে গহপুৰত (Gohpur)। ন-কইনাই ৰূপ ল’লে ডকাইতৰ (Loot Case)। সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ….
প্ৰথমে ফেচবুকত চিনাকি (Facebook Love) হৈছিল তাৰ পিছত ডেৰ বছৰ ধৰি প্ৰেম চলি আছিল প্ৰেমিক-প্ৰেমিকাৰ মাজত। তাৰ পিছত প্ৰেমৰ সফল পৰিসমাপ্তি ঘটাবলৈ শিৱসাগৰৰ প্ৰেমিকাক (Sivasagar Girl) পলুৱাই আনি গহপুৰৰ নিজ গৃহ পোৱালেহি প্ৰেমিকে (Gohpur Boy)।
ইমানখিনলৈকে ঠিকেই আছিল কিন্তু হঠাৎ ঘটনাই নাটকীয় ৰূপ ধাৰন কৰে। প্ৰথম নিশা প্ৰেমিকৰ ঘৰত কটোৱাৰ পিছতেই হঠাৎ নাটকীয়ভাবে পাছদিনা প্ৰেমিকাৰ ভনীয়েকৰ আৰ্বিভাৱ ঘটে প্ৰেমিকৰ গৃহত। নিশা আহাৰ গ্ৰহণ কৰাৰ পিছত দুই বায়েক-ভনীয়েকে একেলগে শোৱাৰ ইচ্ছা প্ৰকাশ কৰাত সেই মতেই ব্যৱস্থা গ্ৰহণ কৰে প্ৰেমিকৰ অভিভাৱকে।
দিনটোৰ কষ্টৰ বাবে নিশা প্ৰয়োজনতকৈ বেছি টোপনি সকলোৰে। কিন্তু পুৱাই উঠি প্ৰেমিকৰ পৰিয়ালে দেখা পাই যে গডৰেজৰ দুৱাৰ খোলা আছে। সকলো কাপোৰ কানি খেলি-মেলি। গডৰেজৰ ভিতৰত থকা সোণৰ চেইন, পাটৰ কাপোৰ, মুগাৰ কাপোৰ আৰু নগদ ১৫ হাজাৰ টকা লৈ প্ৰেমিকা আৰু প্ৰেমিকাৰ ভনীয়েক ঘৰৰ পৰা উধাও হয় (Lover And Her Sister Loot Money, Jewellery)। ঘটনাটো সংঘটিত হৈছে গহপুৰৰ ডুবিয়া বৰিগাঁৱত।
ডুবিয়া বৰি গাঁৱৰ প্ৰয়াত দেৱেন ৰাজখোৱাৰ ২২ বছৰীয়া পুত্ৰ জিতুল ৰাজখোৱাই ডেৰবছৰীয়া ফেচবুক প্ৰেমৰ সফল পৰিসমাপ্তি ঘটাবলৈ শিৱসাগৰ খনামুখ খুটৰাহাবি গাঁৱৰ জয়ন্ত গগৈৰ জীয়ৰী ২১ বছৰীয়া প্ৰণামী গগৈক পলুৱাই আনি গহপুৰ বৰিগাঁৱৰ নিজ গৃহ পোৱাইহি শনিবাৰে। শনিবাৰে নিশাটো কটোৱাৰ পিছত হঠাৎ পাছদিনা দেওবাৰে প্ৰণামীৰ ভনীয়েক প্ৰিয়াক্ষী গগৈ আহি পাই জিতুলৰ ঘৰত। অহা বৃহস্পতিবাৰে দুয়োকে সামাজিক নীতি-নিয়মেৰে বিয়া পাতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি নিশাৰ খাদ্য খাই সকলো শুই পৰে যদিও ইয়াৰ মাজতে দুই বাই-ভনীয়ে জিতুলৰ ঘৰ লুটি নিশাই উধাও হয়। ইতিমধ্যে সোমবাৰে জিতুলৰ পৰিয়ালে হাৱাজান আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।
Photo & Input: মৌচুমী কাকতী
Published By: Dulu Medhi
Discussion about this post