লখিমপুৰৰ নাওবৈচা ৰাজহ চক্ৰ কাৰ্যালয়ত ঘোচ লৈ হাতে লোটে ধৰা পৰিল লাট মণ্ডল, পলাই পত্ৰং দিলে লাট গাওঁ বুঢ়া।
ৰাজ্য চৰকাৰৰ কঠোৰ নিদৰ্শৰ পিছত যোৱা দুটা দিনত বহু কেইটা মাটিৰ দালালক গ্ৰেপ্তাৰ কৰা পিছত বুধবাৰে লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰ কাৰ্যালয়ত এজন লাট মণ্ডলক উৎকোচ লোৱা অৱস্থাত হাতে লোটে ধৰে নাওবৈচা আৰক্ষীয়ে।
থানেশ্বৰ বৰা নামৰ লাট মণ্ডলজনে দাবী কৰা দুই লাখ টকাৰ কিছু সংখ্যক আজি লওতেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়। মাটিৰ বাবদ পাভৰ এজন লোকৰ পৰা ২ লাখ টকা উৎকোচ বিচাৰিছিল ধৃত মণ্ডল বৰাই।
উল্লেখযোগ্য যে পাভৰ চৰকাৰী গাঁও বুঢ়া ছফিকুল ইছলামৰ মধ্যষ্ঠতাত টকা লৈছিল লাট মণ্ডলজনে। ঘটনাৰ উমান পায় লগে লগে পলাই যায় গাওঁ বুঢ়াজন। থানেশ্বৰ বৰা নাওবৈচা ৰাজহ চক্ৰৰ ম’হঘুলী পানধোৱা লাটৰ মণ্ডল।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post