ৰূপহীহাট আৰক্ষীয়ে (Rupahihat Police) বুধবাৰে চৰকাৰী গাঁওবুঢ়াসহ দুজনক গ্ৰেপ্তাৰ (Arrest) কৰিছে। মাটিৰ দালালিৰ (Land Dalal) অভিযোগত চৰকাৰী গাঁওবুঢ়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কৰৈগুৰী গাঁৱৰ চৰকাৰী গাঁওবুঢ়াই লোন আৰু ৰেছন কাৰ্ড বনোৱাৰ প্ৰলোভন দি ভুক্তভোগী মহিলাৰ পৰা চহী জালিয়াতি কৰি মাটি নামজাৰী কৰিছিল প্ৰায় ৪ বিঘা মাটি।
গাঁওবুঢ়া ৰফিকুল ইছলামে প্ৰতি বিঘাত ৩০ হাজাৰ টকাত মুঠ ৪ বিঘা মাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। মাটি ক্ৰয় কৰাৰ লগত জড়িত আছিল আব্দুল জব্বাৰ আৰু চুৰহাব উদ্দিন। সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ৰূপহীহাট আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। ভুক্তভোগীৰ এজাহাৰ বৃত্তিত চৰকাৰী গাওঁবুঢ়াসহ ৩ জনক গ্ৰেপ্তাৰ কৰে ৰূপহীহাট আৰক্ষীয়ে (Rupahihat Police)।
Photo & Input: Abu Hanifa
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/entertainment/neha-bhasin-showed-her-bra-at-the-airport/5868/
Discussion about this post