আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে ন্যায় বিচাৰি ঘুৰি ফুৰিছে এগৰাকী দুৰ্ভগীয়া গৰ্ভৱতী প্ৰেমিকাই। প্ৰথমে প্ৰেম,তাৰ পিছত বিয়াৰ প্ৰলোভন দি ভাড়া ঘৰ লৈ স্বামী-স্ত্ৰীৰ দৰে বসবাস।
ভুক্তভোগী মহিলা-
পিছত গৰ্ভৱতী কৰি পলায়ন লম্পট প্ৰেমিকৰ। প্ৰেমিকা ৬মাহৰ গৰ্ভৱতী। গৰ্ভৰ সন্তান নষ্ট কৰিবলৈ ২০ হাজাৰ টকা যাচিছে প্ৰেমিকৰ পৰিয়ালে। লম্পট প্ৰেমিক লাহৰীঘাটৰ টেঙাগুৰি কছাৰিগাঁৱৰ গাজিবুৰ ৰহমান।

লম্পট প্ৰেমিক গাজিবুৰ। বিয়াৰ প্ৰলোভন দি প্ৰেমিকাক গৰ্ভৱতী কৰি পলাই আহিল নিজ ঘৰলৈ। ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ অনুসৰি মৰিগাঁৱৰ লাহৰীঘাট থানাৰ অন্তৰ্গত টেঙাগুৰি কছাৰিগাঁৱৰ গাজিবুৰ ৰহমান নামৰ যুৱকজনে ডিমাপুৰত এক বছৰ পূৰ্বে ৰাজ মিস্ত্ৰী কাম কৰিবলৈ গৈছিল।
তাতে লগ পাইছিল এইগৰাকী মহিলাক। পিছত প্ৰেমৰ প্ৰস্তাৱ, দুয়োৰে মাজত গভীৰ সম্পৰ্ক, পিছত দুয়ো ডিমাপুৰত এটা ভাড়া ঘৰত স্বামী-স্ত্ৰীৰ দৰে বসবাস কৰি আছিল।
পিছত প্ৰেমিক গাজিবুৰে মহিলাগৰাকীক গৰ্ভৱতী কৰি থৈ পলাই আহে। পিছত নোযোৱা হ’ল ডিমাপুৰলৈ। ইফালে দুয়োৰে মাজত ফোনযোগে কথা বতৰা চলি আছিল।
যুৱক গাজিবুৰে গৰ্ভৱতী মহিলাগৰাকীক বিয়া পতাৰ কথা কৈ ডিমাপুৰৰ পৰা মাতি আনি পলায়ন কৰে ঘৰৰ পৰা। তাৰ পিছত ভুক্তভোগী মহিলাগৰাকীয়ে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও এতিয়ালৈকে আচামী ধৰিবলৈ সক্ষম হোৱা নাই।
আৰু ইফালে যুৱকজনৰ পৰিয়ালৰ লোকে গৰ্ভৰ সন্তান নষ্ট কৰিবলৈ ২০ হাজাৰ টকা যাচিছে বুলি অভিযোগ উত্থাপিত কৰে মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে ন্যায় বিচাৰি থানাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে।
Photo & Input: Khatang Khobor




























Discussion about this post