উত্তৰ প্ৰদেশৰ (UttarPradesh) কনৌজত (Kannauj) পুনৰবাৰ খাকী পোছাকত লাগিল ক’লা দাগ। য’ত জীয়েকৰ বাবে ন্যায় বিচাৰি যোৱা এগৰাকী মহিলাক আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াই নিজৰ চৰকাৰী আৱাসতে ধৰ্ষণ কৰে (Inspector Raped Mother)। ঘটনাটো পোহৰলৈ অহাৰ পিছতে অভিযুক্ত আৰক্ষী বিষয়াজনক জেললৈ (Police Officer Sent To Jail) প্ৰেৰণ কৰা হয়।
ভুক্তভোগীৰ অভিযোগ দাখিল কৰি এছপিক কয় যে আউটপ’ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াই তদন্তৰ অজুহাতত নিজৰ চৰকাৰী আৱাসত মাতে। তাৰ পিছত ধৰ্ষণকাণ্ডৰ (Rape Case) ঘটনাটো সংঘটিত কৰে। এছপিয়ে ঘটনাটো গুৰুত্বসহকাৰে লৈ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে। জানিবলৈ দিয়া অনুসৰি অভিযুক্ত অনুপ মৌৰ্যক শেহতীয়াকৈ ইঞ্চপেক্টৰ পদলৈ পদোন্নতি (Promotion) দিয়া হৈছিল।
জানিবলৈ দিয়া অনুসৰি ভুক্তভোগী মহিলাগৰাকীৰ (Victim Women) জীয়েকৰ কোনো যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়ো ঘৰ এৰি পলাই গৈছিল। মহিলাগৰাকীয়ে এই ঘটনাটোৰ এজাহাৰ দাখিল কৰিবলৈ থানালৈ গৈছিল। লগতে তেওঁ অভিযুক্তৰ বিৰুদ্ধে অভিযান চলাবলৈ ২৬ আগষ্টত এছপিক প্ৰাৰ্থনা পত্ৰ প্ৰদান কৰিছিল। এই ঘটনাটোৰ তদন্ত কনৌজ সদৰ কৌটবালী অঞ্চলত থকা হাজী শ্বৰীফ আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ কুমাৰ মৌৰ্যই কৰি আছিল। নিজৰ জীয়েকৰ গোচৰটোক লৈ আউটপ’ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে সম্পৰ্কত আছিল।
ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছিল যে তদন্তৰ সন্দৰ্ভত আউটপ’ষ্টৰ ভাৰপ্ৰাপ্ত অনুপ মৌৰ্যই মহিলাগৰাকীক তেওঁৰ চৰকাৰী বাসগৃহলৈ মাতিছিল আৰু বলপূৰ্বকভাবে ধৰ্ষণ কৰিছিল। তাৰ পিছত ভুক্তভোগী মহিলাগৰাকীয়ে গোচৰ ৰুজু কৰে। গোচৰটোত গুৰুত্ব প্ৰদান কৰি এছপিয়ে চিঅ’ শিৱ প্ৰতাপ সিঙক এই ঘটনাটোৰ দায়িত্ব প্ৰদান কৰে। চিঅ’য়ে তদন্তত ধৰ্ষণৰ প্ৰমাণ পাইছিল। ইয়াৰ পিছত সোমবাৰে এটা প্ৰতিবেদন পঞ্জীয়ন কৰা হয় আৰু ইঞ্চপেক্টৰ অনুপ মৌৰ্যক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।
Photo: AAJ Tak
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/social-media-dangerous-road-accident-viral-video/11457/
Discussion about this post