অৱশেষত জামিন লাভ (Bail Granted) কৰিলে প্ৰবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ (Arrest) হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ পৰিদৰ্শক জোনমণি ৰাভাই (Junmoni Rabha)।
৪ জুনৰ পৰা মাজুলী জিলা কাৰাগাৰত আছিল জোনমণি ৰাভা। এমাহ ৪ দিন মাজুলী জিলা কাৰাগাৰত কটোৱাৰ পিছত জামিন লাভ কৰে জোনমণিয়ে। শুকুৰবাৰে মাজুলী জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে জামিন প্ৰদান কৰে জোনমণিক।
জোনমণিৰ বিৰুদ্ধে প্ৰেমিক ৰাণা প’গাগৰ সৈতে মিলি ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছিল। উল্লেখ্য প্ৰৱঞ্চনাৰ অভিযোগত নিজৰ হ’বলগীয়া স্বামীক গ্ৰেপ্তাৰ কৰি দেশজুৰি চৰ্চিত হোৱা অসম আৰক্ষীৰ (Assam Police) উপ-পৰিদৰ্শক জোনমণি ৰাভাক (SI Junmoni Rabha) সেই একেটা গোচৰতে মাজুলী গড়মূৰ আৰক্ষীয়ে (Majuli Garhmoor Police) ৪ জুনত গ্ৰেপ্তাৰ (Arrest) কৰিছিল।
হ’বলগীয়া স্বামীৰ সৈতে মিলি বহু লোকৰ পৰা ঠগ-প্ৰৱঞ্চনাৰে ধন সংগ্ৰহত জড়িত থকাৰ অভিযোগত গড়মূৰ আৰক্ষীয়ে (Garhmoor Police) জেৰা চলাই আছিল। জোনমণিৰ দুটা বেংক একাউন্টত প্ৰৱঞ্চনাৰে আহৰণ কৰা প্ৰায় ২০ লাখ টকা জমা হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল। গড়মূৰ আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি, কানাড়া বেংকৰ গড়মূৰ শাখাত থকা একাউণ্টত ১১,৩৩,১৭৪ টকা আৰু এক্সিছ বেংকৰ একাউণ্টত সোমাইছিল ৯,১৪, ২৬৯ টকা।
ৰাজ্যজুৰি তোলপাৰ লগা এই প্ৰৱঞ্চনা সন্দৰ্ভত জোনমণি ৰাভাক সাঙুৰি ৰাণা পগাগৰ বিৰুদ্ধে গড়মুৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ তদন্ত যোৱা ১৭ মে’ৰ পৰা আৰম্ভ হৈছিল। গড়মুৰস্থিত কানাড়া বেংকত জোনমণি ৰাভাৰ নামত থকা বেংক একাউণ্টৰ জৰিয়তে ধনৰ লেনদেন কৰিছিল ৰাণা পগাগে (Fianc Rana Pagak)। গড়মূৰ আৰক্ষী থানাত তিনিদিন ধৰি চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল আৰক্ষী বিষয়গৰাকীক।
Photo: Google
Discussion about this post