পুনৰ বিতৰ্কত ৰঙিয়াৰ জৱাহৰ নবোদয় বিদ্যালয় (Jawahar Navodaya Vidyalaya)। ৰঙিয়াত (Rangia) নবোদয় বিদ্যালয়ত অঘটন। ১০জন জ্যেষ্ঠ ছাত্ৰই নিৰ্মমভাৱে প্ৰহাৰ কৰিলে (Student Beaten) এজন কনিষ্ঠ ছাত্ৰক। ছাত্ৰ জনৰ নাম ধ্ৰুৱ জ্যোতি দাস, তাৰ ঘৰ ৰঙিয়াৰ ব্ৰিক ফিল্ড কলনীত।
দ্বাদশ শ্ৰেণীৰ ১০জন ছাত্ৰই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ছাত্ৰজনক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰজন। ভৰিত আৰু মূৰত আঘাত পাই ছাত্ৰজনে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিদ্যালয়খনত। সমগ্ৰ ঘটনাটো এতিয়া ৰহস্যৰ অৱৰ্তত।
আঘাতপ্ৰাপ্ত ছাত্ৰজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে ৰঙিয়া আৰক্ষী (Rangia Police) আহি উপস্থিত হৈছে ঘটনাস্থলীত আৰু ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। এনেকুৱা ঘটনা আগে পিছেও সংঘটিত হৈ আছিল বিদ্যালয়খনত কিন্তু প্ৰতিবাৰে কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে হাত সাৰি যায় দোষী।
ঘটনাৰ খবৰ পাই স্থানীয় আছু কৰ্মীৰ এটা দলে আহি উপস্থিত হৈ ঘটনাৰ বুজ লৈ ঘটনাৰ উচিত তদন্তৰ দাবী জনাই। ঘটনাৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াটো বিচাৰে পৰিয়ালৰ লোকে। কৰ্তৃপক্ষৰ ভুলৰ বাবে বাৰে বাৰে বিতৰ্কত সোমাই পৰে বিদ্যালয়খন, স্থানীয় ৰাইজে এই বিদ্যালয় খনক নাকি লগাবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনায়।
Photo & Input: চফিকুল আহমেদ
Discussion about this post