২০১৬ চনত তেতিয়াৰ বাক্সা জিলাৰ (Baksa District) তামুলপুৰ আৰক্ষী থানাৰ (Tamulpur Police Station) অন্তৰ্গত উত্তৰ খন্দিকৰ গাঁৱত সংঘটিত হৈছিল এক লোমহৰ্ষক কাণ্ড (Wife Acid Attack By Husband)। সামান্য কাজিয়াৰ পৰিণতিত শহুৰেকৰ ঘৰতে পত্নীক এচিডেৰে আক্ৰমণ কৰিছিল এজন পাষণ্ড স্বামীয়ে। ঘটনাৰ পিছতে পত্নী আৰু পৰিয়ালৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল আক্ৰমণকাৰীক।
এই ঘটনাৰ প্ৰায় ৬ বছৰ পিছত যাৱজ্জীৱন কাৰাদণ্ডৰে (Life Imprisonment) দণ্ডিত কৰা হ’ল অভিযুক্ত লোকজনক। বাক্সা জিলা সত্ৰ ন্যায়াধীশৰ আদালতে (Baksa District Sessions Judge Court) বুধবাৰে লোকজনক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ৫ লাখ টকা ক্ষতিপূৰণ হিচাপে জৰিমণা বিহে।
৬ বছৰ পূৰ্বে কামৰূপ জিলাৰ (Kamrup District) উদিয়ানাৰ নিৱাসী ছাইদুল ইছলাম (Saidul Islam) নামৰ লোকজনে তামুলপুৰৰ শহুৰেকৰ ঘৰতে এচিড ঢালি আক্ৰমণ কৰিছিল পত্নী আৰ্জিনা বেগমক (Wife Acid Attack By Husband)। এই ঘটনাৰ পিছতে আৰক্ষীয়ে ছাইদুলৰ বিৰুদ্ধে তামুলপুৰ থানাত (Tamulpur Station) গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ (Arrest) কৰে আৰু পৰৱৰ্তী সময়ত নলবাৰী কাৰাগাৰলৈ (Nalbari Jail) প্ৰেৰণ কৰে।
ইফালে ঘটনাৰ সুদীৰ্ঘকালৰ পিছত বাক্সা জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে (Baksa District Sessions Judge Court) গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰি অভিযুক্ত ছাইদুলক যাৱজ্জীৱন কাৰাদণ্ডৰ (Life Imprisonment) লগতে ৫ লাখ টকাৰ জৰিমণা বিহে। ঘটনাৰ ৬ বছৰ পিছত আদালতে ছাইদুলৰ বিৰুদ্ধে প্ৰদান কৰা ৰায়ত সন্তুষ্টি প্ৰকাশ কৰিছে আৰ্জিনা বেগম আৰু তেওঁৰ পৰিয়ালেও।
Photo: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/tragic-incident-19-years-youth-die-after-drowning-in-pond/9286/
Discussion about this post