অন্ধবিশ্বাসৰ চৰম পৰ্যায় পাৰ কৰিলে তান্ত্ৰিকে। এটি ৫ বছৰীয়া কনমানি শিশুক দিলে বলি। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তান্ত্ৰিকক। চৰাইদেউ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
জানিবলৈ দিয়া অনুসৰি, ৫ ভাতৃ-ভগ্নীৰ ভিতৰত আটাইতকৈ কণমানিজনীক সোমবাৰৰ নিশা শুই থকাৰ পৰাই অপহৰণ কৰি নিছিল তান্ত্ৰিকে। অপহৰণৰ পিছতে মঙলবাৰে জ্যেষ্ঠ ভগ্নীয়ে আৰক্ষীৰ ওচৰত ভনীয়েক সন্ধানহীন বুলি এজাহাৰ দাখিল কৰে।
এজাহাৰৰ পিছতে সন্ধানহীন ৫ বছৰীয়া কণমানিৰ বিচাৰি চলাইছিল অভিযান। মঙলবাৰৰ নিশাই নদীৰ কাষত উদ্ধাৰ হৈছিল কণমানিটিৰ মৃতদেহ। মৃতদেহৰ কাষতে উদ্ধাৰ হৈছিল ৰঙা কাপোৰ আৰু তন্ত্ৰ মন্ত্ৰ কাৰ্যত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী।
সন্দেহৰ আৱৰ্তত তান্ত্ৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে সোধা-পোছাৰ বাবে আন ১০ লোকক আৰক্ষীৰ জিম্মাত ৰখা হৈছে।
Photo: Google





























Discussion about this post