আজি পুৱা ১০ বজাত অনলাইনযোগে ঘোষণা কৰিছে মেট্ৰিক-হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল (Hslc And High Madrassa Exam Result)। এই ফলাফলে কাৰোবাক সুখ দিছে, কাৰোবাক দিছে দুখ। কিন্তু এই সকলোবোৰৰ মাজতে এটা ঘটনাই আপোনাকো ভাবিবলৈ বাধ্য কৰোৱাব যে যুৱ প্ৰজন্ম কোন দিশে! হতাশা নে আত্মবিশ্বাসৰ অভাৱ!
মেট্ৰিকৰ ফলাফলকলৈ আনন্দ উল্লাহৰ মাজতে মঙলদৈত (Mangaldoi) শোকৰ ছাঁ। পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই ভালুকখোৱাপাৰাত আত্মহত্যাৰ পথ (Student Suicide) বাচি ল’লে এজন ছাত্ৰই। আত্মহত্যাৰ পূৰ্বেই লিখি থৈ গ’ল ছুইচাইড নোট (Suicide Note)। ছুইচাইড নোটত লিখিলে- ”মা-দেউতা তোমালোক ভালদৰে থাকিবা তোমালোকে যিটো বিচাৰিছা সেইটো মই দিব নোৱাৰিম তাৰ বাবে ক্ষমা বিচাৰিছোঁ।’
ছুইচাইড নোটত এই কথাখিনি লিখি সোমবাৰে আত্মহত্যাৰ পথ বাচি ল’লে ছাত্ৰ ৰাহুল বৰাই। কিন্তু আজি মঙলবাৰে ছাত্ৰজনৰ মেট্ৰিকৰ ৰিজাল্ট দিয়ে। কিন্তু সি নিজৰে চাবলৈ নাপালে ফলাফল। ৰাহুলে সংস্কৃত বিষয়ত লেটাৰসহ দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।
মঙলদৈ সমষ্টিৰ অন্তৰ্গত ৰঙামাটি ভালুকখোৱাপাৰাৰ তাৰিণী বৰা আৰু অন্ন বৰাৰ দ্বিতীয় সন্তান ১৫ বছৰীয়া ৰাহুল বৰাই ঘৰত কোনো নোহোৱাৰ সময়তে সোমবাৰে নিজ গৃহত চিপ লৈ আত্মহত্যা কৰে। মৃত্যুৰ পূৰ্বে লিখি থৈ গ’ল এখন ছুইচাইড নোট। ইতিমধ্যে মঙলদৈ সদৰ আৰক্ষীয়ে (Mangaldoi Sadar Police) মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল।
Photo & Input: Bhabesh Kalita
Discussion about this post