শিৱসাগৰ জিলাৰ (Sivasagar District) ঘিলাগুৰিত (Ghilaguri) সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা। নিশা শহুৰেকে দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে কৰিলে জোঁৱায়েকক (Son In Law Killed By Father In Law)।
জোঁৱায়েকৰ অত্যাচাৰত অতিষ্ঠ হৈয়ে শহুৰেকে দাৰে ঘপিয়াই হত্যা কৰিলে। এই ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য়ৰ সৃষ্টি। মুজাম্মিল খান নামৰ লোকজনক শহুৰেক জেহেৰুদ্দিন আহমেদে কৰিলে হত্যা (Murder)।
জানিব পৰা অনুসৰি, জেহিৰুদ্দিন আহমেদৰ কন্যাক ১২ বছৰ পূৰ্বে বিয়া দিছিল ঘিলাগুৰিৰ মুজাম্মিল খানৰ সৈতে। কিন্তু বিয়াৰ পিছতে পৰা কন্যাক শাৰীৰিক-মানসিকভাবে অত্যাচাৰ চলাই আহিছিল মুজাম্মিলে। এই সন্দৰ্ভত থানাতো গোচৰো ৰুজু কৰিছিল কিন্তু তাৰ পাছতো মুজাম্মিল সলনি হোৱা নাছিল।
মৃত মুজাম্মিলৰ পত্নীৰ ভাষ্য-
মুজাম্মিল আৰু তেওঁৰ পৰিয়ালৰ অত্যাচাৰতে মাতৃগৃহলৈ গুচি আহিছিল জেহিৰুদ্দিনৰ কন্যাই। কিন্তু শেহতীয়াকৈ মুজাম্মিলেও আহি থাকিবলৈ লৈছিল জেহিৰুদ্দিনৰ ঘৰত।
সোমবাৰে নিশা মুজাম্মিলে সুৰাপান কৰি ঘৰত উদ্ভণ্ডালি কৰাৰ লগতে পত্মীক প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰিছিল। লগতে সা-সামগ্ৰী ভাঙি উপদ্ৰৱ চলাইছিল জোঁৱায়েকে। যাৰ ফলত অতিষ্ঠ হৈ মুজাম্মিলক শহুৰেকে মাৰপিট কৰি দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে।
ইপিনে জোঁৱায়েক মুজাম্মিলক হত্যাৰ পিছতে শিৱসাগৰ সদৰ থানাত নিজেই আত্মসমৰ্পণ কৰে শহুৰেক জেহেৰুদ্দিন আহমেদে। লগে লগে শিৱসাগৰ সদৰ আৰক্ষী (Sivasagar Sadar Police) ঘিলাগুৰিৰ ঘটনাস্থলীত উপস্থিত হৈ মুজাম্মিলৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে বতৰ্মান পৰ্যন্ত এই সমগ্র ঘটনাতোৰ ওপৰত মুজাম্মিল খানৰ ঘৰৰ ফালৰ পৰা কোনো এজাহাৰ দাখিল কৰা নাই।
Photo & Input: Parsis Ahmed
Discussion about this post