বাইহাটা চাৰিআলিত (Baihata Chariali) গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সনা প্ৰধান শিক্ষক পৰেশ ডেকা অৱশেষত আৰক্ষীৰ জালত (Teacher Paresh Deka Arrest)। এগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰীক ভাল ৰিজাল্ট কৰাই দিম বুলি কোৱাৰ লগতে ভাল ঠাইত বহুৱাই দিম বুলি কৈ অশ্লীল কথা কৈছিল ফোনত। সেই সকলোবোৰ অশ্লীল কথোপকথন ৰেকৰ্ডিং (Indecent Phone Recording Viral) হৈছিল ছাত্ৰীগৰাকীৰ মোবাইলত। পিছত কোনো অজ্ঞাত কাৰণত সকলো অশ্লীল কথোপকথন সামাজিক মাধ্যমত প্ৰচাৰ হোৱাত ছাত্ৰীগৰাকীৰ অভিভাৱকে বাইহাটা চাৰিআলি আৰক্ষী থানাত (Baihata Chariali Police) প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ।
গোচৰ ৰুজু কৰাৰ পিছৰে পৰা পলায়ন কৰি আছিল প্ৰধান শিক্ষকগৰাকী। আনকি বিভাগীয়ভাবে এগৰাকী আত্মীয় তথা সহকাৰী শিক্ষয়িত্ৰী ঘৰত গৈ প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পন কৰিছিল। সম্পূৰ্ণ এসপ্তাহ পলায়ন কৰি থকাৰ পিছত অৱশেষত আৰক্ষীৰ জালত পৰে কলংকিত শিক্ষক পৰেশ ডেকা। পৰেশ ডেকাক পলায়নৰ ক্ষেত্ৰত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ সহযোগ থকা বুলি সন্দেহৰ আঙুলি স্থানীয় ৰাইজৰ। ইফালে আটকাধীন পৰেশ ডেকাক Pocso আইনত জেললৈ প্ৰেৰণ কৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে।
ছাত্ৰী আৰু শিক্ষক পৰেশ ডেকাৰ ফোনৰ বাৰ্তালাপ-
‘ইমান বঢ়িয়া লাগে তোমাক চুমাটো খাই, শুনিছানে ইমান কিয় বঢ়িয়া লাগে তোমাক চুমা খাই। তোমাৰ কেনে লাগে চুমা খালে। ছাত্ৰী- ভাল লাগে ছাৰ, বেয়া নালাগে। তোমাৰ গালখন বহুত ধুনীয়া। মোক জোৰে কামুৰি দিবাচোন, যিমান জোৰে কামুৰা সিমানে মই ভাল পাম। ছাত্ৰী- হ’ব।
অডিঅ’-
Photo & Input: দেৱজিৎ ডেকা
Published By- Dulu Medhi
Discussion about this post