দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালৰ এটা টুইটৰ পিছতে গোৱালিয়ৰ আৰক্ষীয়ে নৱবিবাহিতাক এচিড খুৱাই দিয়াৰ গোচৰত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
ভুক্তভোগী মহিলাগৰাকী চলিত বছৰত বিবাহপাশত আৱদ্ধ হৈছিল আৰু ২৮ জুনত এচিড খুৱাই দিয়াৰ ঘটনা সংঘটিত হয়।
৩ জুলাইত ভুক্তভোগী নৱবিবাহিতাৰ মাতৃয়ে তেওঁৰ স্বামীৰ সৈতে ডবৰা আৰক্ষী থানাত যৌতুক নিৰ্যাতনৰ গোচৰ ৰুজু কৰে আৰু ভুক্তভোগীগৰাকীক চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হয়।
কিন্তু যেতিয়া দিল্লীৰ দণ্ডাধীশৰ সন্মুখত বিবৃতি দিয়া হৈছিল, ভুক্তভোগীয়ে কৈছিল যে তেওঁৰ স্বামী, তেওঁৰ বৌ আৰু ননদে এচিড খুৱাই দিছিল। তাৰ পিছত যুৱতীগৰাকীৰ শৰীৰ আৰু পেটৰ অংগবোৰ বেয়াকৈ জ্বলি যায়।
যেতিয়া বিষয়টো দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালৰ সন্মুখত আহে, তেতিয়া তেওঁ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানলৈ এটা টুইটযোগে লিখিছিল যে, আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা নায়।
https://twitter.com/SwatiJaiHind/status/1417416586663653378?s=20
এক টুইটযোগে তেওঁ লিখিছিল, “গোৱালিয়ৰ যুৱতীগৰাকীক তেওঁৰ স্বামীয়ে এচিড খুৱাই দিছিল যাৰ তাইৰ অংগ জ্বলি গৈছিল।
মধ্য প্ৰদেশত এজাহাৰত গুৰুত্ব নিদিলে আৰু এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ হোৱা নাই। আমি যুৱতীগৰাকীৰ দিল্লীত চিকিৎসা কৰোৱাই আছো আৰু তাইৰ বক্তব্যও এছডিএমৰ সন্মুখত কৰাইছও। এই ভয়ংকৰ ফটোখন এই আশাত পোষ্ট কৰিছো যাতে শিৱৰাজজীয়ে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰোৱায়।”
যেতিয়া টুইটটো সংবাদ মাধ্যমত প্ৰকাশ পাইছিল, আৰক্ষীৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল আৰু ঘটনাটোত হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰাৰ পিছত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। গোৱালিয়ৰ এছপিয়ে কৈছে যে আন অভিযুক্তসকলকো সোনকালেই গ্ৰেপ্তাৰ কৰা হ’ব।
Photo: Twitter
Discussion about this post