প্ৰেচাৰ কুকাৰ, পটা গুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰা ১৪ বছৰীয়া কিশোৰী ডিম্পল কুমাৱট হত্যা কৰা হত্যাকাৰীক চিনাক্ত। জেঠায়েকৰ পুত্ৰ আশীক গুপ্তাই হত্যা কৰিছিল ডিম্পলক।
ঘটনা সন্দৰ্ভত জেঠায়েকৰ পুত্ৰ আশীক গুপ্তাক আৰক্ষীয়ে বুধবাৰে আটক কৰিছিল আৰু সোধা-পোছা অব্যাহত ৰাখিছিল।

লগতে বৃহস্পতিবাৰে আৰক্ষীয়ে ডিম্পলৰ মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ডিম্পলক হত্যা কৰাৰ পিছত তাইৰ মোবাইলটো লুকাই ৰাখিছিল আশীক গুপ্তাই। উল্লেখ্য গুৱাহাটীৰ উজানবজাৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড। বুধবাৰে দিনৰ ১০ মান বজাত পিছত পিতৃ মাতৃ দোকানলৈ ওলাই যোৱাৰ পিছতেই এই হত্যাকাণ্ড সংঘটিত হৈছিল।
আশীক গুপ্তা- 
জেঠায়েকৰ পুত্ৰ আশীক গুপ্তাই দিম্পলহতঁৰ ভাড়া ঘৰৰ কাষৰ কোঠাত থকা জিতু দাস নামৰ ল’ৰাজনৰ তাত ভাত খাবলৈ আহিছিল সেই ঘটনাৰ সময়ত। সেয়ে সন্দেহৰ আঙুলি জেঠায়েকৰ পুত্ৰ আশীক গুপ্তাৰ ওপৰতে।
Photo: Khatang Khobor




























Discussion about this post