দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি থকা অসম আৰক্ষীৰ (Assam Police) দুৰ্নীতি নিবাৰক শাখাৰ (Directorate of Vigilance and Anti-Corruption) অভিযানত আজি গ্ৰেপ্তাৰ (Arrest) হয় পৌৰ প্ৰশাসন সঞ্চালকালয় (Municipal Administration) কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা (Govt Junior Engineer Debasish Das Arrested) দেবাশিষ দাস। ঘোচ (Bribery Charges) লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰে পৌৰ প্ৰশাসনিক কাৰ্যালয়ত কৰ্মৰত কনিষ্ঠ অভিযন্তাগৰাকী। দিছপুৰস্থিত কাৰ্যালয়ত ২৫ হাজাৰ টকা ঘোচ লোৱাৰ অভিযোগত কনিষ্ঠ অভিযন্তাগৰাকীক গ্ৰেপ্তাৰ কৰা হয় হয় বুলি অভিযানকাৰী দলটোৱে জানিব দিয়ে।
উত্থাপিত অভিযোগ অনুসৰি তেজপুৰৰ কৃতিকমল তামুলী নামৰ এজন ঠিকাদাৰৰ পৰা কনিষ্ঠ অভিযন্তা দাসে এটা পথৰ ধন মুকলি কৰি দিয়াৰ বাবদ ৪০ হাজাৰ টকা বিচাৰিছিল।
পিছত কৃতিকমল বৰুৱাই এই বিষয়ে দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰোৱাত আজি দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে সংগোপনে এক অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ (Arrest) কৰে দুৰ্নীতিগ্ৰস্ত কনিষ্ঠ অভিযন্তা দেবাশিষ দাসক। জি পি সিঙে টুইটাৰযোগে এই কথা জানিবলৈ দিয়ে।
Today , Debashis Das, JE, Directorate of Municipal Administration has been caught red handed by the team of the @DIR_VAC_ASSAM while receiving bribe of INR 25000 at his office located in Dispur, Guwahati. @assampolice @CMOfficeAssam @mygovassam pic.twitter.com/3WY1G4yYpJ
— GP Singh (@gpsinghips) June 1, 2022
Photo & Input: Ramesh Baishya
Discussion about this post