স্বামীৰ দ্বাৰা অকথ্য নিৰ্যাতনৰ বলি হোৱা গীতাশ্ৰী তালুকদাৰ আৰু নাই। মৃত্যুৰে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে গীতাশ্ৰী তালুকদাৰে। স্বামীৰ দ্বাৰা অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ ৬টা দিন GMCHত চিকিৎসাধীন হৈ আছিল। ৰচীৰে বান্ধি যৌতুকৰ (Dowry Case) বাবে স্বামী প্ৰদীপ তালুকদাৰে কৰিছিল অকথ্য নিৰ্যাতন (Physical Harrasment)। সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা গীতাশ্ৰীৰ ন্যায়ৰ বাবে সাব্যস্ত কৰিছিল ভিন্নজনে প্ৰতিবাদ। ফটাশিল আমবাৰী থানাই (Fatasil Aambari Police Station) আটক কৰিছিল প্ৰদীপ তালুকদাৰক।

ফটাশীল আমবাৰী চেগুনবাৰীত যৌতুকৰ (Dowry Case) বাবে সংঘটিত হৈছিল এই বৰ্বৰ ঘটনা। স্বামী প্ৰদীপ তালুকদাৰে ৰছিৰে বান্ধি হত্যাৰ চেষ্টা কৰিছিল পত্নী গীতাশ্ৰীক। ১৭ মাৰ্চত সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছিল গীতাশ্ৰীক। সম্প্ৰতি ফটাশীল আমবাৰী লক-আপত বৰ্বৰ স্বামী প্ৰদীপ তালুকদাৰ।
Photo & Input: Ramesh baishya




























Discussion about this post