শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ (GMC) সহকাৰী অভিযন্তা দিবাকৰ মালীক উৎকোচ (Bribe) লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ এটা দলে।
৫ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে অভিযানকাৰী দলে ফাঁচী বজাৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ (Arrest) কৰে দিবাকৰ মালীক (Dibakar Mali)। শিৱানছ এণ্টাৰপ্ৰাইজে কৰা এটা ঠিকাৰ বিলৰ নামত সহকাৰী অভিযন্তা দিবাকৰ মালীয়ে ৩০ শতাংশ বিচাৰিছিল কমিছন ।
দিবাকৰ মালীয়ে উৎকোচ বিচৰাৰ কথা দুৰ্নীতি নিবাৰক শাখাক জনাইছিল এণ্টাৰপ্ৰাইজৰ বিষয়-ববীয়া মানস বৰ্মন, দিগন্ত ডেকা আৰু তাবিজ বড়োৱে। তাৰ পিছতে আগধন হিচাপে ৫ হাজাৰ টকাৰ দিয়াৰ সময়তে মালীক হাতে লোটে ধৰে দুৰ্নীতি নিবাৰক শাখাই।
জি পি সিঙে এই কথা টুইটাৰযোগে সদৰি কৰে।
One Dibakar Mali, Assistant Engineer of @gmc_guwahati caught red handed today while accepting demanded bribe money by @DIR_VAC_ASSAM @assampolice @CMOfficeAssam @mygovassam
— GP Singh (@gpsinghips) October 22, 2021
Photo: google
Discussion about this post