ডবকাৰ (Dabaka) হালধীআটী দিখাৰুমুখ গাঁৱত আজি দিনত সংঘটিত হৈছে এক জঘন্য চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী নাবালিকা শিশুক ধৰ্ষণৰ অপচেষ্টা (Trying To Rape Case) ৷ কণমানিটিয়ে খেলি থকা অৱস্থাত ঘৰৰ কাষৰে জয়নাল উদ্দিন নামৰ লম্পটটোৱে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ধৰ্ষণৰ অপচেষ্টা চলায় ৷
গুপ্তাংগত (Private Part) হাত দিয়াৰ সময়ত কণমানিটিয়ে চিঞৰ বাখৰ কৰে ৷ চিঞৰ বাখৰ শুনি সেইফালেৰে যোৱা এজন লোকে ততাতৈয়াকৈ শিশুটিক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে ৷ পিছত গাঁৱৰে একাংশ লোকে লম্পট জয়নাল উদ্দিন নামৰ লোকজনক খেদিখেদি ধৰি উত্তম মধ্যম শোধাই হালধীআটী আৰক্ষী পহৰা চকীৰ আৰক্ষীক গতাই দিয়ে ৷
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ ইফালে লম্পট চৰিত্ৰৰ জয়নাল উদ্দিন প্ৰায়েই সুৰামত্ত অৱস্থাত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ আজিও লোকজনে সুৰামত্ত অৱস্থাত থকা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ পূৰ্বেও এইজন লোকে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷
Photo & Input: Khatang Khobor
Discussion about this post