ৰঙিয়াত পোহৰলৈ আহিছে এক জঘন্য ঘটনা । Coal India Limitedৰ উচ্চ পদষ্ঠ বিষয়াই বহিঃৰাজ্যলৈ নি তোলনীয়া কন্যাক চলালে যৌন উৎপীড়ন। তোলনীয়া পিতৃয়ে চাৰি বছৰ ধৰি যৌন উৎপীড়ন চলালে তোলনীয়া কন্যা সন্তানক।
ওড়িশাত সংঘটিত হৈছে এই জঘন্য ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি প্ৰায় চাৰি বছৰ পূৰ্বে পৰিয়ালৰ দুৰৱস্থাৰ বাবে সুবোধ চামাদ্দাৰে নিজৰ খুলশালীৰ কন্যাক আইনী ব্যৱস্থাৰে নিজৰ সন্তান হিচাপে তুলি লয়।
তাৰ পিছত সুবোধ চামাদ্দাৰে কিশোৰীগৰাকীক লগত লৈ নিজৰ পত্নীসহ ওড়িশালৈ উভতি যায়। ওড়িশাত দুয়ো স্বামী-স্ত্ৰীয়ে মিলি কিশোৰীগৰাকীৰ ওপৰত চলাই শাৰীৰিক তথা মানসিক নিৰ্যাতন। কিশোৰীগৰাকীয়ে ৰঙিয়া আৰক্ষীৰ ওচৰত দিয়া অভিযোগ অনুসৰি Coal India Limitedৰ উচ্চ পদষ্ঠ বিষয়া সুবোধ চামাদ্দাৰে প্ৰায়ে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাইছিল।
এই বিষয়ে মাহীয়েকক যেতিয়া কিশোৰীগৰাকীয়ে অৱগত কৰাইছিল তেতিয়া মাহীয়েকে কিশোৰীগৰাকীক মুখ বন্ধ ৰাখিবলৈ ভাবুকি প্ৰদান কৰিছিল। দুবছৰ পিছত অসমলৈ উভতি আহে পৰিয়ালটো। অসমত দুবছৰ অতিবাহিত হোৱাৰ পিছত যেতিয়া পুনৰাই ওড়িশালৈ উভতি যোৱাৰ কথা ঠিৰাং হয় তেতিয়া কিশোৰীগৰাকীয়ে তোলনীয়া পিতৃ-মাতৃৰ গৃহৰ পৰা পলায়ন কৰি নিজ পিতৃ গৃহত উপস্থিত হয়।
তাৰ পিছতে তোলনীয়া পিতৃৰ এই দুষ্কাৰ্যৰ কথা পোহৰলৈ আহে। বৰ্তমান কিশোৰীগৰাকীৰ লগতে কিশোৰীগৰাকীৰ আত্মীয়ই ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে ন্যায় বিচাৰি।
Photo & Input: চফিকুল আহমেদ
Discussion about this post